অসমস্বাস্থ্য

ফাগুন মাহ মানে শুকান বতৰ! কিদৰে ল’ব চুলিকোছাৰ যতন?

ফাগুন মাহত চুলিৰ যত্ন ল'লে চুলি ফাটা বন্ধ হয় আৰু চুলিৰ স্বাস্থ্য ভালে থাকে

ফাগুনত মন মতলীয়া হোৱাৰ লগতে জলবায়ুৰো যথেষ্ট পৰিৱর্তন হয়৷ ফাগুনৰ ধুমুহা, শুকান পৰিৱেশৰ বাবে ফাগুনৰ বতাহজাকক ‘ফাগুনী পছোৱা’ বুলিও কোৱা হয়৷ ফাগুনী পছোৱাৰ বাবে ছাল, চুলি আদি অতন্ত শুকান হৈ পৰে।
এনে ক্ষেত্ৰত আমি কেইটামান সহজলভ্য প্ৰাকৃতিক উপাদানেৰে চুলিৰ যত্ন ল’ব পাৰো।

১. মৌ আৰু গাখীৰৰ ক্ৰীম সমানে মিহলাই ব্যৱহাৰ কৰিলে শুকান হৈ পৰা চুলিও কোমল হয়।

২. চুলিত আমি কৰ্দৈৰ ৰস আৰু মিথি পাউডাৰৰ গুড়ি ভালদৰে মিহলাই লগালে চুলিৰ গুৰি পৰিষ্কাৰ হয়। উফিও নাইকিয়া হয়।

৩. ফাগুন মাহত শুকান বতাহৰ বাবে আমাৰ চুলিৰ আগ খুব ফাটি যায়। সেই বাবে চুলিৰ আগবোৰ কাটি দিলে চুলি সোনকালে দীঘল হয়।

৪. কণীৰ কুহুম দুটা, পকা কল এটা, গাখীৰ দুই চামুচ, নাৰিকল তেল একাপ, কমলাৰ ৰস এচামুচ ভালদৰে মিহলাই শ্বাৱাৰ কেপ পিন্ধি আধা ঘন্টা পাছত ধুই দিলেও সুফল পোৱা যাব৷

৫. গাখীৰৰ ক্ৰীম আৰু এলোভেৰা ভালদৰে মিহলাই চুলিত লগাই এটা শ্বাৱাৰ কেপ পিন্ধি তাৰ পাছত ছালফেট ফ্রী শ্বেম্পুৰে চুলিখিনি ভালদৰে ধুই দিলেও সুফল পোৱা যায়।

৬. তাৰোপৰি সেউজীয়া শাক পাছলি আদি নিয়মিত খালে চুলি ভালে থাকে।

এনেদৰে ফাগুন মাহত চুলিৰ যত্ন ল’লে চুলি ফাটা বন্ধ হয় আৰু চুলিৰ স্বাস্থ্য ভালে থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.