AssamCultureGovernment SchemeHimanta Biswa Sarmanationalnorth eastPMo indiapoliticalSocialSocial Networkঅৰ্থনৈতিকঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিপৰিৱেশৰাজনৈতিক

পুনৰ অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী

বিভিন্ন কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনৰ তালিকা প্ৰকাশৰ পিছতে ৰাজনৈতিক মহলত এক বিশেষ খবৰে চৰ্চা লাভ কৰিছে । নিৰ্বাচনৰ আগত দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাটো বৰ ডাঙৰ কথা নহয় যদিও নিৰ্বাচনী তালিকা প্ৰকাশ পোৱাৰ পিছত অসমলৈ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে ৰাজনৈতিক প্ৰেক্ষাপটত ব্যাপক গোনাগঠা চলিছে । তাৰ মাজতে বিভিন্ন কাৰ্য্যসূচী হাতত লৈ অসমত আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৮ মাৰ্চৰ নিশা কাজিৰঙাত কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে । ৯ মাৰ্চৰ পুৱা কঁহৰা বনাঞ্চলত প্ৰধানমন্ত্ৰীয়ে কৰিব চাফাৰী । প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটত মুকলি কৰিব মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি । প্ৰধানমন্ত্ৰীগৰাকীয়ে মেটেলি পথাৰত সম্বোধন কৰিব বিশাল জনসভা । জনসভাতেই নিৰ্বাচনী ৰণশিঙা বজাব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − fifteen =

Back to top button