leatest updateঅসমগুৱাহাটীভাৰতমনোৰঞ্জন

আজৱ ঘটনা ! সাজি-কাচি ৰৈ আছিল কইনা কিন্তু দৰাই পাহৰিলে বিবাহৰ তাৰিখ , বিচাৰিলে বিলাসী বাহন

প্ৰতিজনি যুৱতীৰ বাবেই তেওঁৰ বিবাহৰ দিনটো অতি বিশেষ। সেই দিনটোত কইনা গৰাকীয়ে সাজি-কাচি দৰাৰ বাবে ৰৈ থাকে।

প্ৰতিজনি যুৱতীৰ বাবেই তেওঁৰ বিবাহৰ দিনটো অতি বিশেষ। সেই দিনটোত কইনা গৰাকীয়ে সাজি-কাচি দৰাৰ বাবে ৰৈ থাকে। কিন্তু কইনাক নিবলৈ যদি দৰাই নাহে তেতিয়াহলে বাৰু কি হ’ব। উত্তৰাখণ্ডৰ হালদৱানীত এক আজব ঘটনা সংঘটিত হৈছে। এগৰাকী কইনাই দৰাৰ বাবে অপেক্ষা কৰি আছিল।

কিন্তু দৰাই পাহৰিলে বিয়াৰ তাৰিখ। জানিব পৰা মতে ঘটনাটো হালদৱানীৰ বনভুলপুৰা আৰক্ষী থানা অঞ্চলত সংঘটিত হৈছে। ইয়াৰে এগৰাকী যুৱতীৰ চামোলী জিলাৰ বাসিন্দা সমীৰৰ সৈতে বিয়া ঠিক কৰা হৈছিল। বিবাহৰ দিন ১ মাৰ্চত ধাৰ্য কৰা হয়।

সেই মতে কইনাৰ ককায়েকে বিয়াৰ বাবে ১ লাখ টকাৰ এটা বিবাহ ভৱন ঠিক কৰিছিলে। ভনিয়েকৰ লগত দিবলৈ সকলো বস্তুও কিনা হৈছিল। বিয়াৰ বাবে কইনা ঘৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিলে। তাৰ পিছত নিশা কইনা গৰাকী সাজি কাচি দৰাৰ বাবে অপেক্ষা কৰি থাকে।

কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিছতো দৰা আহি নোপোৱাৰ বাবে কইনাৰ ককায়েকে দৰাৰ দেউতাক নাছিৰ আহমেদকলৈ ফোন কৰে। তেতিয়া দৰাৰ পিতৃয়ে কয় যে তেওঁলোকে বিয়াৰ তাৰিখটো পাহৰি গ’ল। তেওঁলোকে ১০ মাৰ্চত এই বিবাহখন অনুষ্ঠিত হ’বলৈ দিব।

কিন্তু তাৰ আগতে কইনা ঘৰৰ লোকে দৰা ঘৰক এখন চুইফ্ট ডিজায়াৰ গাড়ী উপহাৰ দিব লাগিব। ঘটনাটোৰ পিছতে কইনা গৰাকীৰ ভাতৃয়ে আৰক্ষীৰ ওচৰত এটা গোচৰ ৰুজু কৰিছে । ঘটনাটোক লৈ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.