AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

৮ বছৰ ক’মাত থকাৰ পিছত মৃত্যু ঘটিল ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল কৰণবীৰ সিং নাটৰ….

৮ বছৰ ক’মাত থকাৰ পিছত মৃত্যু ঘটিল ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল কৰণবীৰ সিং নাটৰ। ২০১৫ চনত কাশ্মীৰৰ কুপৱাৰা জিলাত পাকিস্তানী সন্ত্ৰাসবাদীৰে সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছিল সেনা মেডেলেৰে বিভূষিত লেফটেনেণ্ট কৰ্ণেল পৰমবীৰ সিং নাট। তেতিয়াৰে পৰা জলন্ধৰৰ মিলিটেৰী হাস্পতালত ক’মাত আছিল বীৰ সেনা বিষয়াজন। অৱশেষত নিয়তীৰ ওচৰত হাৰ মানিলে লেফটেনেণ্ট কৰ্ণেল পৰমবীৰ সিং নাটে। ১৯৯৮ চনত ভাৰতীয় সেনাত কৰ্মজীৱন আৰম্ভ কৰা কৰণবীৰ সিঙে ১৪ বছৰৰ চাকৰিৰ অন্তত ২০১২ চনত সেনা বাহিনীৰ পৰা অৱসৰ লৈছিল। কিন্তু দেশমাতৃৰ সেৱাত উৎসৰ্গিত কৰণবীৰ সিঙে অৱসৰৰ পিছতো টেৰিটৰিয়েল সেনাৰ বিষয়া হিচাপে কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখে। ২০১৫ চনৰ নৱেম্বৰত কুপৱাৰা হাজীনাকা এলেকাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰে মুখামুখি সংঘৰ্ষত গম্ভীৰভাৱে আহত হয় লেফটেনেণ্ট কৰ্ণেল কৰণবীৰ সিং। উক্ত অপাৰেচনত টেৰিটৰিয়েল সেনাৰ ১৬০নং বেটেলিয়নৰ নেতৃত্বত আছিল কৰণবীৰ সিং নাট। সংঘৰ্ষত আহত হোৱাৰ পিছতে প্ৰথমতে শ্ৰীনগৰ আৰু তাৰ পিছত দিল্লীত তেওঁৰ চিকিৎসা চলি আছিল। বিগত ৮ বছৰে ক’মাত থকা সেনা বিষয়াজনক পাইপৰ জৰিয়তে খাদ্য আৰু পানী দিয়া হৈছিল। জলন্ধৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা লেফটেনেণ্ট কৰ্ণেল কৰণবীৰ সিঙৰ মুখাগ্নি কৰে তেওঁৰ জীয়ৰীয়ে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.