অপৰাধঅসম

এটা উৱলি যোৱা মৃতদেহ আৰু কাষত অৱচেতন জীয়ৰী, মহানগৰীত এইয়া হৈছে কি?

ৰুক্মিণী গাঁৱৰ পৰিয়ালটোক কিছুদিনপূৰ্বে পাঞ্জাবাৰীলৈ লৈ আহিছিল এজন বিল্ডাৰে। বিল্ডাৰ এম শৰ্মাই দুয়োকে লৈ আহিছিল গংগা শান্তি এপাৰ্টমেণ্টলৈ। অনাহাৰে, অনিদ্ৰাৰে প্ৰায় দহদিন ঘৰটোতে আবদ্ধ হৈ থকা পৰিয়ালটোক অৱশেষত উদ্ধাৰ কৰে আৰক্ষীয়ে।

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে মহানগৰী। মহানগৰীৰ বাঘৰবড়ীত পুনৰ সংঘটিত চাঞ্চল্যকৰ ঘটনা। গংগা শান্তি এপাৰ্টমেন্টত উদ্ধাৰ এগৰাকী মহিলাৰ এটা উৱলি যোৱা মৃতদেহ।

 

সোমবাৰে দিনৰ ভাগতে এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ’ল পাঞ্জাবাৰী। গংগা শান্তি এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে এগৰাকী বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ। লগতে উদ্ধাৰ কৰা হৈছে উলংগ অৱস্থাত থকা তেখেতৰ অৱচেতন জীয়ৰীক। মৃত মহিলাগৰাকী বীণাবালা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। আনহাতে ৪০ বছৰীয়া জীয়ৰীৰ নাম হৈছে কাবেৰী হাজৰিকা।

 

ৰুক্মিণী গাঁৱৰ পৰিয়ালটোক কিছুদিনপূৰ্বে পাঞ্জাবাৰীলৈ লৈ আহিছিল এজন বিল্ডাৰে। বিল্ডাৰ এম শৰ্মাই দুয়োকে লৈ আহিছিল গংগা শান্তি এপাৰ্টমেণ্টলৈ। দেওবাৰে, দুৰ্বৃত্তই হত্যা কৰে বীণাবালা হাজৰিকাক। অনাহাৰে, অনিদ্ৰাৰে ঘৰটোতে আবদ্ধ হৈ থকা জীয়ৰীক অৱশেষত উদ্ধাৰ কৰে আৰক্ষীয়ে।

 

ইতিমধ্যে, ঘটনাস্থলীত দিশপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। পিছে কিহৰ বাবে বিল্ডাৰ এম শৰ্মাই বীণাবালা হাজৰিকা আৰু কাবেৰী হাজৰিকাক এটা বাসগৃহত আবদ্ধ কৰি ৰাখিছিল অথবা কিহৰ বাবে মাতৃ বীণাবালা হাজৰিকাক দুৰ্বৃত্তই হত্য়া কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button