অপৰাধ

নিৰাপত্তা বেষ্টনী ভাঙি বিধানসভা চৌহদৰ পৰা কেনেকৈ চুৰি হ’ল বলেৰ’ গাড়ী!

বিধানসভা চৌহদৰ পৰা চুৰি হ’ল এখন বলেৰ' গাড়ী

সৰিয়হৰ ডুলিতে ভূত!আৰক্ষীৰ অভেদ্য দুৰ্গ ভেদি বিধানসভা চৌহদৰ পৰা চুৰি হ’ল এখন বলেৰ’ গাড়ী। বিধানসভাৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে অধিৱেশনৰ তৃতীয় দিনা,বৃহস্পতিবাৰে পুৱা বিধানসভা চৌহদৰ পৰাই চুৰি হয় বলেৰ’ বাহনখন। এতিয়ালৈকে বাহনখনৰ কোনো সূংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

 

 

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, এই বিধানসভাৰ কাষতেই আছে দিছপুৰ আৰক্ষী চকী।ইয়াৰ উপৰিও আছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ইয়াৰ পাছতো নিৰাপত্তা বেষ্টনী ভাঙি কিদৰে চুৰে লৈ গ’ল বাহনখন সেইয়াও এতিয়া ৰহস্যৰ আৱৰ্তত। আনহাতে,  আৰক্ষীয়ে সমগ্ৰ বিষয়টি গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও পৰৱৰ্তী সময়ত পোহৰলৈ আহে কথাটি। জানিব পৰা অনুসৰি গাড়ীখনৰ গৰাকী এজন অভিযন্তা। বিধায় আৱাসলৈ অহাৰ পাছতে চুৰি হয় বাহনখন। যাৰফলত নিৰাপত্তাক লৈ এতিয়া শংকিত হৈ পৰিছে বিধায়কসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.