UFO নে Satellite Crash? ৰহস্যজনক সেউজীয়া ৰশ্মিৰে আলোকিত আকাশ
এই আচহুৱা ঘটনাই এতিয়া আচম্বিত কৰি তুলিছে ইজমিৰ চহৰবাসীক
উল্কাপিণ্ড নে চেটেলাইটৰ সংঘৰ্ষ? সেউজীয়া ৰশ্মিৰে আলোকিত এখন চহৰৰ আকাশ। ছ’চিয়েল মিডিয়াত বাৰুকৈয়ে ভাইৰেল হৈ পৰা এটা ভিডিঅ’। এই আচহুৱা ঘটনা সংঘটিত হৈছে টুৰ্কীত। উজ্বল সেউজীয়া ৰশ্মিৰে আলোকিত হৈ পৰিছে টুৰ্কীৰ ইজমিৰ চহৰৰ আকাশ। এই আচহুৱা ঘটনাই এতিয়া আচম্বিত কৰি তুলিছে ইজমিৰ চহৰবাসীক।
হঠাতে আকাশত উদ্ভৱ হোৱা এই পোহৰ আকাশৰ পৰা সৰি পৰা চেটেলাইট নে UFOহয় সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত্তত।
Meteor in İzmir Turkey.
A bizarre green meteor fell to Earth. Footage Shows Meteor turning the sky a Brilliant Green.@AliSahin501 pic.twitter.com/cD10gVqOIv— M.Madni (@M1Pak) August 2, 2021
শনিবাৰে পুৱতি নিশা ২ বজাত টুৰ্কীৰ চহৰ ইজমিৰত সংঘটিত হয় এই ঘটনা। ভয়ানক বিস্ফোৰণেৰে আকাশৰ পৰা সৰি পৰে এটা উল্কাপিণ্ড অথবা UFO। মাত্ৰ কেই ছেকেণ্ড সময়ৰ বাবে সেউজীয়া ৰশ্মিৰে আলোকিত হয় আকাশখন।
সমগ্ৰ বিশ্বতে ক্ষণিকতে বিয়পি পৰে এই ভিডিঅ’। অৱশ্যে টুৰ্কীৰ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক ড০ হাচান আলি দালে এই পৰিঘটনাৰ আঁৰৰ সূত্ৰ সন্দৰ্ভত শ্বেয়াৰ কৰে এক টুইট। টুইটযোগে তেওঁ কয় যে, এই পৰিঘটনাক ফায়াৰবল ‘FIREBALL’ বুলি কোৱা হয়। যেতিয়া বায়ুমণ্ডলত এটা উল্কাপিণ্ড জ্বলিবলৈ আৰম্ভ কৰে, তেতিয়াই এনেধৰণৰ পৰিঘটনাৰ উদ্ভৱ হয়।
Geçtiğimiz gece saat 01:54 civarında İzmir’de gökyüzünde video kaydı yapılan olay bir meteor olayıdır. Daha önceki yıllarda gündüz saatlerinde yaşanmış çok benzer bir olayın buradaki video kaydındaki gibi görünen ve “Fireball (Ateştopu)” olarak bilinen bu olay, pic.twitter.com/tMKe56ClSj
— Hasan Ali Dal (@hsnldl) July 31, 2021
অৱশ্যে জ্যোতিৰ্বিজ্ঞান অধ্যাপকগৰাকীৰ এই স্পষ্টীকৰণৰ পাছতে কিছু পৰিমাণে সকাহ পাইছে ইজমিৰ চহৰৰ বাসিন্দাসকলে।
