অসমআঞ্চলিকদৈনিক বাতৰি

ভগ্ন পথে জ্বলাকলা খুৱাইছে লক্ষীপুৰৰ জলেশ্বৰত, কলৰ ‍‍ভুৰেই এতিয়া যাতায়াতৰ একমাত্ৰ সম্বল…..

ভগ্ন পথে জ্বলাকলা খুৱাইছে লক্ষীপুৰৰ জলেশ্বৰত, কলৰ ‍‍ভুৰেই এতিয়া যাতায়াতৰ একমাত্ৰ সম্বল.....

লক্ষীপুৰৰ জলেশ্বৰত ৰাইজৰ দুৰ্ভোগ। ভগ্ন পথে জ্বলাকলা খুৱাইছে অঞ্চলবাসীক। তথৈবচ আইৰকাটা-বড়ো নিচিনপুৰ সংযোগী পথ। প্ৰবল বৰষুণত ছিগিল পথটোৰ এটা অংশ। কলৰ ‍‍ভুৰেই এতিয়া যাতায়াতৰ একমাত্ৰ সম্বল। পথৰ দুৰবস্থাৰ বাবে নাযায় ১০৮ এম্বুলেঞ্চ সেৱা। সাঙীত কৰি ৰোগীক নিবলগীয়া হয় চিকিৎসালয়লৈ।শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী ‍ভুক্তভোগী ৰাইজৰ।

উল্লেখ্য যে পথ মেৰামতিৰ কাৰনে চৰকাৰী ফালৰ পৰা বিভিন্ন আচনিৰ জৰিয়তে ধন আৱণ্টিত হৈছে যদিও পঞ্চায়ত প্ৰতিনিধিসকলে ধনৰ সঠিক ব্যৱহাৰ নকৰাত এতিয়া দুৰ্যোগ ভূগিব লগা হৈছে বুলি অভিযোগ কৰিছে অঞ্চলৰ ৰাইজে। পথৰ দুৱস্থাৰ বাবে বিদ্যালয়ত সময়মতে উপস্থিত হ’ব নোৱাৰে ছাত্ৰ-ছাত্ৰী। বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় জনপ্ৰতিনিধিক শীঘ্ৰে পথ নিৰ্মাণৰ দাবী অঞ্চলবাসীৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − twelve =

Back to top button