অসম

কটনৰ বাকৰিত নিৰ্বাচনৰ বতৰ, হাতে হাতে প্লেকাৰ্ড, পতাকা লৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী

নিৰ্বাচনৰ বাবে RKB, MNDP, SNBC, NBD, SKL-DKR আবাসসমূহত বৰ্তমান উৎসৱমুখৰ পৰিৱেশ। 

কটনৰ বাকৰিত নিৰ্বাচনৰ বতৰ। উলহ-মালহ পৰিৱেশ কটন বিশ্ববিদ্যালয়ত। হাতে হাতে প্লেকাৰ্ড, পতাকা লৈ ওলাই আহিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।

দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত আজি কটন বিশ্ববিদ্যালয়ত আৰম্ভ হ’ল সাধাৰণ সভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব। ১৬টা পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি, সম্পাদককে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদত প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰায় সংখ্যক ছাত্র-ছাত্ৰীয়ে।

নিৰ্বাচনৰ বাবে RKB, MNDP, SNBC, NBD, SKL-DKR আবাসসমূহত বৰ্তমান উৎসৱমুখৰ পৰিৱেশ। ডবা-বৰকাঁহ বজাই ওলাই অহা দেখা গ’ল একাংশ ছাত্ৰ-ছাত্ৰীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.