অপৰাধঅসমগুৱাহাটী

গুৱাহাটী মহানগৰীত পূজাৰ নামত প্ৰবঞ্চনা ভণ্ড পূজাৰীৰ!

মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটৰ এটা এপাৰ্টমেণ্টত প্ৰবঞ্চনা কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এজনভণ্ড পূজাৰী।

মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটৰ এটা এপাৰ্টমেণ্টত প্ৰবঞ্চনা কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এজনভণ্ড পূজাৰী।

ৰাইজে কাৰায়ত্ত কৰি ভণ্ড পূজাৰী জনক গতাই দিয়ে নুনমাটি আৰক্ষী থানাত। উল্লেখ্য় যে, ধৃত পূজাৰীজন হৈছে মহাৰাষ্ট্ৰৰ মাণ্ডু কৰ(৪০)।

নাৰেংগী ফৰেষ্টগেটৰ পাৰিজাত এপাৰ্টমেণ্টৰ এটা পৰিয়ালৰ ঘৰত আহি অলপতে ভণ্ড মাণ্ডু কৰে পূজা অৰ্চনাৰ নামত কলা যাদু কৰি ধন সম্পত্তি লুট কৰি নিছিল।

পুনৰ বুধবাৰে পুৱাৰ ভাগত একেটা এপাৰ্টমেণ্টৰ ৰাজেশ আগৰৱালাৰ ঘৰত ভণ্ড পূজাৰী জনে আহি পূজা অৰ্চনা কৰিবলৈ আহিছিল। আৰু তেতিয়াই এপাৰ্টমেণ্টৰ বাসিন্দা সকলে ভণ্ড পূজাৰী জনক কাৰায়ত্ত কৰি নুনমাটি আৰক্ষী থানাক গতাই দিয়ে।

আনহাতে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.