অপৰাধঅসমআঞ্চলিক

অভি-নীল হত্যাকাণ্ডৰ ৪টা বছৰ! আজিও ন্যায়ৰ অপেক্ষাত পিতৃ-মাতৃ…

এই দিনটোতেই গণপ্ৰহাৰত প্ৰাণ গৈছিল দুই প্ৰতিভাৰ। মৃত্যু হৈছিল অভি আৰু নীলৰ

অভি-নীল হত্যাকাণ্ডৰ ৪টা বছৰ। কিন্তু আজিও ন্যায়ৰ অপেক্ষাত সেমেকি আছে অভি-নীলৰ পিতৃ-মাতৃৰ চকুজুৰি।
সেয়া ২০১৮ চনৰ ৮ জুনৰ কথা! অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়। এই দিনটোতেই গণপ্ৰহাৰত প্ৰাণ গৈছিল দুই প্ৰতিভাৰ। মৃত্যু হৈছিল অভি আৰু নীলৰ।

চাৰিবছৰ পূৰ্বে আজিৰ দিনটোতেই কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল মানৱ জাতিক নতশিৰ কৰা এই হত্যাকাণ্ড। এই হত্যাকাণ্ড ইমানে বৰ্বৰ আছিল যে, কেৱল দেশকে নহয় সমগ্ৰ বিশ্বকেই জোকাৰি গৈছিল এই ঘটনাই।
বন্ধৰ দিনত জলপ্ৰপাত উপভোগ কৰিবলৈ গুৱাহাটীৰ পৰা ডকমোকালৈ ফুৰিবলৈ যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসে সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মত্যুবৰণ কৰিছিল।
স্থানীয় লোকৰ উগ্ৰমূৰ্তি দেখি নীল আৰু অভিয়ে তাৰ পৰা পলাবলৈ বহুত চেষ্টা কৰিছিল। কিন্তু মৃত্যুই যেতিয়া নিজে হাত বাউল দি মাতে, কোনে পলাই সাৰিব পাৰে…

উপস্থিত লোকৰ মোবাইলতে ৰেকৰ্ড হ’ল এই নিৰ্মম ঘটনাৰ। চ’ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰিল ভিডিঅ’। ভিডিঅ’টোত স্পষ্ট ভাবে শুনা পোৱা গৈছিল…“মোক নামাৰিবা, মই অসমীয়া। বিশ্বাস কৰা, মই সত্য কৈছো। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস”। আক্ৰমণকাৰীসকলক জীৱনৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনোৱা এই বাক্য কেইশাৰীয়ে জোকাৰি গৈছিল সমগ্ৰ মানৱ জাতিক।

ঘটনাটো সংঘটিত হোৱাৰ তিনি-চাৰি দিন আগতে সোপাধৰা সংক্ৰান্তীয় এটা হোৱাটচএপ মেছেজ আৰু মুখ বাগৰি অহা ভুৱা খবৰে় অঞ্চলটোত সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। ক’লা ৰঙৰ গাড়ী লৈ জলপ্ৰপাত চাবলৈ যোৱা যুৱকদ্বয়ক দেখি অঞ্চলটোৰ ৰাইজে তেওঁলোকক সোপাধৰা বুলি সন্দেহ কৰিছিল।

দুজন সন্দেহজনক যুৱক অঞ্চলটোত প্ৰবেশ কৰা বুলি ওলোৱা খবৰ মুহূৰ্ত্ততে বিয়পি পৰিছিল সমগ্ৰ ডকমকাত।
বিশেষকৈ সংগীত ভালপোৱা নীলে ৰখা দীঘল চুলিয়ে এই সন্দেহ অধিক ঘনীভূত কৰি দিছিল মানুহখিনিৰ মাজত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button