অসমজীৱনশৈলীজ্যোতিৰ্বিজ্ঞান

আজি মাঘী পূৰ্ণিমা, আজি আঁতৰাই লওক সকলো চন্দ্ৰ দোষ!

যিসকলৰ কুণ্ডলীত চন্দ্ৰ দোষ থাকে বা চন্দ্ৰৰ শক্তি কম থাকে, তেওঁলোকে এই পূৰ্ণিমাত কিছু কাম কৰিব পাৰে। যাৰ ফলত চন্দ্ৰ দোষ কম হ'ব।

আজি মাঘী পূৰ্ণিমা (১৬ ফেব্ৰুৱাৰী)। আজিৰ দিনটো অতি শুভ দিন। যিসকলৰ কুণ্ডলীত চন্দ্ৰ দোষ থাকে বা চন্দ্ৰৰ শক্তি কম থাকে, তেওঁলোকে এই পূৰ্ণিমাত কিছু কাম কৰিব পাৰে। যাৰ ফলত চন্দ্ৰ দোষ কম হ’ব।

মাঘী পূর্ণিমাত স্নান আৰু ব্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ৷ আজিৰ দিনটোত পূর্ণিমালে উচৰ্গা কৰি স্নান কৰিব লাগে আৰু ব্ৰত ৰাখি ৰাতিলৈ চন্দ্ৰ পূজা কৰিব লাগে। স্নানৰ পাছত আজি বগা কাপোৰ এজোৰ পিন্ধি লওক।

আজি যিসকল লোক শিৱ ভক্ত, সেইসকলে শিৱ পূজা কৰিব পাৰে। শান্তি লাভ কৰিব।

চন্দ্ৰমাৰ সম্পৰ্ক সদায় মাকৰ লগত থাকে। গতিকে নিজৰ মাতৃক আজি সন্তুষ্ট কৰক। তেওঁৰ সেৱা লৈ আজিৰ সকলো কাম আৰম্ভ কৰক। চন্দ্ৰমা শক্তিশালী হ’ব।

মুকুতাক চন্দ্ৰ ৰত্নও বোলা হয়। গতিকে যিসকল লোকৰ চন্দ্ৰ দোষ থাকে চন্দ্রদোষ আঁতৰাবলৈ মুকুতা পৰিধান কৰিব পাৰিলে ভাল।

চন্দ্ৰৰ আৰাধনাৰ বাবে এই মন্ত্ৰৰ উচ্চাৰণ কৰক- ওঁ শ্রাং শ্রীং শ্রৌং সঃ চন্দ্রায় নমঃ মন্ত্ৰ উচ্চাৰণ কৰক। চন্দ্ৰমা শক্তিশালী হ’ব।

(Sources)

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.