অপৰাধঅসম

অবৈধ ইটা ভাটাই অস্বস্তিত পেলাইছে বকোবাসীক! কিয় নীৰৱ ভূমিকা প্ৰশাসনৰ?

এই ইটা ভাটা সমুহৰ ওচৰতে আছে বহু চৰকাৰী বিদ্যালয়৷ প্ৰতিটো পৰিয়ালৰ চোতালে চোতালে অবৈধ ভাৱে ভাটা খুলি কণ কণ শিশু তথা জনজীৱনৰ প্ৰতি ভাবুকী কঢ়িয়াইছে৷

বকোত অবৈধভাৱে গঢ়ি উঠিছে ইটাৰ ভাটা। ঘৰে ঘৰে কাঠফুলাৰ দৰে গঢ়ি উঠা ইটা ভাটাই জনজীৱনৰ প্ৰতি কঢ়িয়াইছে ভাবুকী৷

অবৈধভাৱে গঢ়ি উঠা ইটা ভাটাৰ বিৰুদ্ধে গৰজি উঠিল জাতীয় মহিলা সেনাৰ দক্ষীন কামৰূপ জিলা সমিটিৰ মহিলা সকল। বকো চক্ৰ বিষয়াৰ কাৰ্যালয়ত দিলে স্মাৰক প্ৰত্ৰ৷

বকো আৰু ছমৰীয়া ৰাজহ চক্ৰৰ একাংশ গাৱৰ দৃশ্য হৈছে এয়া ৷ অবৈধভাৱে গঢ়ি উঠিছে এনেদৰে ইটা ভাটা৷ কামৰূপ জিলাৰ বকো সমষ্টিৰ বকো অৰু ছমৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ অন্তৰ্গত বৰুৱা- বালিঝাৰত ঘৰে ঘৰে কাঠফুলাৰ দৰে গঢ়ি উঠা ইটা ভাটাই জনজীৱনৰ প্ৰতি কঢ়িয়াইছে ভাবুকী ৷ বৰুৱা, বালিঝাৰ, হলিপুৰ, গেলাবড়ী , বামুনবড়ী, চাকলা, শুক্টাটাৰী, আদি গাঁৱত প্ৰতিটো ঘৰৰ চোতালতে এইদৰে গঢ়ি উঠিছে ইটা ভাটা। ইটা ভাটাৰ ধোৱাই চানি ধৰে গাও অঞ্চল সমুহ৷

এই কাৰ্যক লৈ বকো আৰু ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ নীৰৱ ভূমিকা৷ এতিয়ালে লোৱা নাই কোনো পদক্ষেপ।

অবৈধ ইটা ভাটাই অস্বস্তিত পেলাইছে বকোবাসীক! কিয় নীৰৱ ভূমিকা প্ৰশাসনৰ?

উল্লেখ্য যে, এই ইটা ভাটা সমুহৰ ওচৰতে আছে বহু চৰকাৰী বিদ্যালয়৷ প্ৰতিটো পৰিয়ালৰ চোতালে চোতালে অবৈধ ভাৱে ভাটা খুলি কণ কণ শিশু তথা জনজীৱনৰ প্ৰতি ভাবুকী কঢ়িয়াইছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + seven =

Back to top button