অসম

ধুমুহাত বুৰ গ’ল ৫ গৰাকী যাত্ৰীসহ এখন নাওঁ

কৰিমগঞ্জৰ শণবিলত অঘটন। ধুমুহাৰ বাবে বুৰ গ’ল ৫ গৰাকী যাত্ৰীসহ এখন নাওঁ।

শণবিলৰ কল্যানপূৰৰ পৰা ফাকুয়া অভিমুখে ৫জন যাত্ৰী লৈ যোৱাৰ সময়ত সংঘটিত হয় এই অঘটন।

৩জন যাত্ৰীয়ে কোনো ৰকমে সাঁতুৰি পাৰ পাই যদিও দুজন যাত্ৰী পানীৰ বুৰি যায়। উদ্ধাৰ হোৱা লোককেইজন ক্ৰমে ৬০ বছৰীয়া নীতিশ দাস, ১৭ বছৰীয়া অজিত দাস আৰু ৭ বছৰীয়া শিশু কন্যা ধেনু দাস।

পানীত বুৰি যোৱা দুগৰাকীৰ এগৰাকী মহিলা আৰু আনগৰাকী শিশু বুলি জানিব পৰা গৈছে। মহিলাগৰাকী ৫০ বছৰীয়া উজ্জ্বলা দাস আৰু আনগৰাকী তেঁওৰ ১০ বছৰিয়া নাতনি খুচি দাস।

ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে বিধায়ক বিজয় মালাকাৰৰ জনোৱাত তেওঁ সকলো ধৰণৰ সহায় কৰিবৰ বুলি অৱগত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.