অপৰাধভাৰতৰাজস্থান

যোধপুৰ কাণ্ডৰ নতুন মূৰ- ভাইৰেল ভিডিঅ’ত থকা মহিলাগৰাকী প্ৰকৃততে কোন?

২৩ মে’ত  যোধপুৰত এগৰাকী নগা মহিলাৰ আত্মহত্যাক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ। যোধপুৰৰ সিন্ধি কলনীৰ এটা ভাৰাঘৰত বাস কৰা নগালেণ্ডৰ মহিলাগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰিছিল। যোধপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ লগতে সকলো যাৱতীয় কাৰ্য সম্পন্ন কৰিছিল। তিনি সন্তানৰ মাতৃ মহিগৰাকী অকলে যোধপুৰত বাস কৰিছিল আৰু এখন ব্যক্তিগত ৰেষ্টুৰেণ্টত অনলাইন বিলিং কৰি জীৱিকা নিৰ্বাহ কৰিছিল। ইমানলৈ সকলো ঠিকেই আছিল।

আত্মহত্যাৰ পিছতে বিভিন্ন ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰিত এটা ভাইৰেল ভিডিঅ’ই নগা মহিলাগৰাকীৰ আত্মহত্যাক লৈ চাঞ্চল্য বিয়পায় চুবুৰীয়া ৰাজ্য নাগালেণ্ড তথা যোধপুৰত। অমানৱীয়তা, নিষ্ঠুৰতা আৰু বীভৎসতাৰ দিশ ফুটাই তোলা ভাইৰেল ভিডিঅ’টো উক্ত নগা মহিলাগৰাকীৰ বুলি প্ৰচাৰ কৰা হয় ছ’চিয়েল মিডিয়াত। শেহতীয়াকৈ যোধপুৰ আৰক্ষী, দিল্লী আৰক্ষীয়ে ভিডিঅ’টো পৰীক্ষা কৰি এয়া ২৩ মে’ত ৰাজস্থানৰ আত্মহত্যাৰ ঘটনাৰ লগত কোনোধৰণৰ সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে।

অসম আৰক্ষীয়ে বৰ্তমান অপৰাধজনিত ভাইৰেল ভিডিঅ’টোৰ তথ্য বিচাৰি পুৰস্কাৰ ঘোষণা কৰিছে। টুইটাৰযোগে অসম আৰক্ষীয়ে ৫ অভিযুক্তৰ ফটো প্ৰকাশ কৰি তেওঁলোকৰ বিষয়ে তথ্য থাকিলে অসম আৰক্ষীক জনাবলৈ আহ্বান জনাইছে। ইয়াৰ বিনিময়ত অসম আৰক্ষীয়ে ঘোষণা কৰিছে আকৰ্ষণীয় পুৰস্কাৰ। অসম আৰক্ষীৰ হেণ্ডেলৰ পৰা কৰা ফটোসম্বলিত টুইটটোত লিখিছে, ‘এই ফটোসমূহ ৫ কালপ্ৰিতৰ যিয়ে এগৰাকী যুৱতীক নিৰ্যাতন চলোৱা দেখা গৈছে এটা ভাইৰেল ভিডিঅ’ত। এই ঘটনাৰ স্থান আৰু সময় স্পষ্ট নহয়। যদি কাৰোবাৰ সৈতে এই অপৰাধজনিত ঘটনা বা অভিযুক্তৰ সন্দৰ্ভত কোনো তথ্য আছে তেন্তে যোগাযোগ কৰক।’

উল্লেখ্য যে,  বিজেপি নেতা কিৰেন ৰিজিজুৱে এয়া নাগালেণ্ডৰ উক্ত মহিলাগৰাকী নহয় বুলি টুইটযোগে উল্লেখ কৰিছে। পিছে যি স্থানৰেই নহওক, য’ৰেই নহওক, দলবদ্ধ ধৰ্ষণ বিশ্ব সম্বলিত ভিডিঅ’টোৱা শেহতীয়াকৈ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰশ্ন হয়, এই নিৰ্যাতিত মহিলাগৰাকী কোন?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − fourteen =

Back to top button