অসমদৈনিক বাতৰি

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৫ম মৃত্যু তিথি, নতুন দিল্লীৰ সদাইৰ অটল স্মাৰকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৫ম মৃত্যু তিথি, নতুন দিল্লীৰ সদাইৰ অটল স্মাৰকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৫ম মৃত্যু তিথি। নতুন দিল্লীৰ সদাইৰ অটল স্মাৰকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো শ্ৰদ্ধাঞ্জলি। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়েও জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। দিল্লীৰ অটল সমাধি স্থানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ২০২০ৰ ১৬ আগষ্টত দেহাৱসান ঘটিছিল বাজপেয়ীৰ।ভাৰতৰ ৩ বাৰৰ প্ৰধানমন্ত্ৰী আছিল বাজপেয়ী।

উল্লেখ্য যে ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্মগ্ৰহণ কৰিছিল এইগৰাকী নেতাই। দেশৰ জনহিতৰ বাবে কৰি গৈছিল বহু উল্লেখনীয় কাম। ১৯৫৫ চনত প্ৰথমবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হয় বাজপেয়ী। পৰৱ্তী সময়ত ১৯৫৭ চনত উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ পৰা লোকসভাৰ বাবে জয়ী হৈছিল বাজপেয়ী। ১৯৭৭-১৯৭৯ চনলৈ মোৰাৰজী দেশাই চৰকাৰৰ বিদেশ মন্ত্ৰী আছিল বাজপেয়ী। ১৯৮০ চনৰ ৬ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় বাজপেয়ী। জননেতাজনৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বাজপেয়ী সমাধিস্থলিত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button