অৰ্থনৈতিকঅসমকৃষিপৰিৱেশমাজুলী

হালধীয়া চাদৰেৰে ঢাকি ধৰা সোণোৱালী পৰিৱেশে মুগ্ধ কৰিব আপোনাক

সাগৰসদৃশ হালধীয়া ফুলৰ নয়নাভিৰাম দৃশ্যত পুলকিত সকলোৰে মনপ্ৰাণ

সাগৰসদৃশ হালধীয়া ফুলৰ নয়নাভিৰাম দৃশ্যত পুলকিত সকলোৰে মনপ্ৰাণ। বাৰিষাৰ মাজুলীত গড়াখহনীয়াৰ কাল ৰূপ চাই সময় অতিবাহিত কৰা পৰিয়াল সমূহৰ মুখত এতিয়া বিৰিঙিছে হাঁহি। সৰিয়হৰ হালধীয়া ৰঙে আগুৰি ধৰিছে মাজুলীৰ চৰ-চাপৰি। হালধীয়াময় হৈ পৰিছে নদীদ্বীপ মাজুলী। হালধীয়া চাদৰেৰে ঢাকি ধৰা সোণোৱালী পৰিৱেশে মুগ্ধ কৰিব আপোনাকো।

মাজুলীত ৩৪ টা চৰ-চাপৰিত গঢ়ি উঠিছে কৃষি বিপ্লৱ। মাজুলীৰ কৃষকে সৰিয়হৰ খেতিৰে গঢ়ি তুলিছে এই কৃষি বিপ্লৱ। মাজুলীত প্ৰায় সংখ্যক কৃষকে কৰে সৰিয়হৰ খেতি। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীত প্ৰায় ৭ হাজাৰ হেক্টৰ ভূমিত কৰা হৈছে সৰিয়হ।

এসময়ত শস্য শ্যামলা, ভোগালী ঠাই হিচাপে পৰিচিত মাজুলীত চলে খহনীয়াৰ কৰাল গ্ৰাস। যেতিয়াৰ পৰা মাজুলীত ভয়াবহ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিলে তেতিয়াৰ পৰাই বহু কৃষকে নিজৰ শ শ কৃষি ভূমি খহনীয়াত হেৰুৱাই আহিবলগীয়া হৈছে। এসময়ত কৃষিৰে চহকী মাজুলীৰ বহু ভোগালী ঠাইৰ কৃষকে শ শ হেক্টৰ কৃষি ভূমিৰ লগতে নিজৰ থকা ভেটিও হেৰুৱাই মথাউৰীত আশ্ৰয় গ্ৰহণ কৰি জীৱন-নিৰ্বাহ কৰিবলগীয়া হৈছে। কিন্তু ক্ৰমে তুলনামূলকভাৱে পূৰ্বতকৈ মাজুলীত খহনীয়াৰ প্ৰকোপ ক্ৰমাৎ কমিছে। লগতে ব্ৰহ্মপুত্ৰই ঠাই বিশেষে বৃহৎ বৃহৎ চাপৰি সৃষ্টি কৰাত এতিয়া পুনৰ একাংশ কৃষকে মাজুলীত কিছু বছৰৰ পৰা সেউজ বিপ্লৱৰ সপোন দেখা পৰিলক্ষিত হৈছে। অৱশ্যে কৃষি প্ৰধান মাজুলী জিলাৰ চৰ-চাপৰিৰ কৃষক আৰু পশুপালকসকলে জিলাখনৰ কৃষি অৰ্থনীতিলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছে।

এই পৰিপ্ৰেক্ষিতত এতিয়া ব্ৰহ্মপুত্ৰ, লোহিত আৰু সোৱণশিৰীৰ চৰ-চাপৰিসমূহৰ যেনিয়েই চাই তেনিয়েই মাথো হালধীয়া ফুলেৰে ঢাকি ধৰিছে । ৰাজ্য চৰকাৰে সৰিয়হ অধিক দামত কৃষকৰ পৰা ক্ৰয় কৰাত কৃষক সকলে সৰিয়হৰ খেতিত অধিক মনোনিবেশ কৰিছে। এই কৃষি বিপ্লৱে কৃষকক সহায় কৰাৰ লগতে মাজুলীত গঢ়ি উঠা হালধীয়াৰ চাদৰে পৰ্যটকক আকৰ্ষিত কৰাত পৰ্যটন খণ্ডতো বিশেষ বৰঙনি যোগাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.