AssamElectionhoroscopenationalpoliticalঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰতৰাজনৈতিক

কংগ্ৰেছ কৰ্মীৰ ক্ষোভ ভাৰত জোড়ো ন্যায় যাত্ৰাত। ৰাহুল গান্ধীয়ে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত মাল্যাপন নকৰাক লৈ ক্ষোভ প্ৰকাশ

এই ঘটনাক লৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্যামল নাৰায়নে পদত্যাগ কৰে। তেওঁ সংবাদ মেল সম্বোধন কৰি অসন্তুষ্টি প্ৰকাশ কৰি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰে

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী চলি থকাৰ মাজতে কংগ্ৰেছৰ যুৱৰাজ গৰাকীক লৈ ব্যাপক অসন্তুষ্টি প্ৰকাশ একাংশ কংগ্ৰেছ কৰ্মীৰ। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ঘোষিত কাৰ্যসূচী অনুসৰি উত্তৰ শালমাৰাত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত ৰাহুল গান্ধীয়ে মাল্যাপন কৰাৰ কথা আছিল। দলীয় কৰ্মীসকলে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি সজাই পৰাই তুলি অধিৰ আগ্ৰহৰে সাজু হৈ আছিল। কিন্তু ৰাহুল গান্ধীয়ে এই অনুষ্ঠানত অংশ নললে। ইয়াক লৈ যুৱৰাজৰ অপেক্ষাত থকা কংগ্ৰেছ কৰ্মীসকলে ক্ষোভিত হৈ পৰে।

এই ঘটনাক লৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্যামল নাৰায়নে পদত্যাগ কৰে। তেওঁ সংবাদ মেল সম্বোধন কৰি অসন্তুষ্টি প্ৰকাশ কৰি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰে। তেওঁ কয় যে, ৰাহুল গান্ধীৰ এই কাৰ্যকলাপে বঙাইগাঁও কংগ্ৰেছত মোক্ষম আঘাট সানিছে। ৰাহুল গান্ধীয়ে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত মাল্যাপন নকৰি ৰাইজৰ অনুভূতিক অসন্মান কৰিছে।

সদ্য পদত্যাগী কংগ্ৰেছ নেতা গৰাকীয়ে কংগ্ৰেছ দলটো সম্প্ৰতি এক বিশেষ ধৰ্মাৱলম্বী লোকৰ দললৈ পৰ্যবসিত হোৱাৰ অভিযোগ উত্থাপিত কৰে। তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ কাম-কাজত সন্তুষ্ট বুলিও মত পোষণ কৰে। তেওঁ বৰ্তমান কোন ৰাজনৈতিক দলত যোগদান কৰিব এই সন্দৰ্ভত কোনো মন্তব্য আগবঢ়োৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.