অপৰাধঅসম

সত্ৰনগৰী মাজুলীত অঘটন, আচামীৰ দাৰ ঘাপত আহত আৰক্ষী

দেওদিয়া আটী গাৱঁত নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা

মাজুলীৰ দেওদিয়া আটী গাঁৱত সংঘটিত ভয়ংকৰ কাণ্ড। ৰাইজৰ প্ৰহৰীক ঘপিয়াই আহত কৰিলে অভিযুক্তই।

দেওদিয়া আটী গাৱঁত নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। গড়মূৰ আৰক্ষী থানাৰ SI উৎপল দাস আৰু ASI বিজু হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলক দাৰে ঘপিয়াই উধাও হ’ল অভিযুক্ত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকা।

উল্লেখ্য যে, এক গোচৰৰ ভিত্তিত কেশৱ হাজৰিকাক আটক কৰিবলৈ গৈছিল আৰক্ষীৰ দলটো। কিন্তু অভিযুক্ত হাজৰিকাই আৰক্ষীক সচকিত কৰি দা লৈ ৰৈ আছিল দুৱাৰমুখতে। আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ লগে-লগে অতৰ্কিতে আক্ৰমণ কৰে কেশৱ হাজৰিকাই। অভিযুক্ত হাজৰিকাৰ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় চাৰিজনকৈ আৰক্ষী। ঘটনা সংঘটিত কৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে অভিযুক্ত কেশৱ হাজৰিকা।

আহত আৰক্ষী কেইজনক ততাতৈয়াকৈ গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।

আনহাতে উপ-আৰক্ষী অধীক্ষক শান্তনু দত্তৰ নেতৃত্বত এটা আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দলে কেশৱ হাজৰিকাক বিচাৰি আৰম্ভ কৰে অভিযান। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত কেশৱ হাজৰিকাক। উল্লেখ্য যে, ঘটনা সংঘটিত কৰি গাঁৱতে আত্মগোপন কৰি আছিল কেশৱ হাজৰিকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.