জম্মু-কাশ্মীৰভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত পাঁচ উগ্ৰপন্থী, পুলৱামাত বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা আছিল উগ্ৰপন্থীৰ

শ্ৰীনগৰ-পুলৱামাৰ ৰাষ্ট্ৰীয় ঘাইপথত বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰি আছিল লস্কৰ-এ-তাইবা(LeT)ৰ সদস্যসকলে

দীৰ্ঘদিন ধৰি অশান্ত হৈ থকা জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত তীব্ৰ সংঘৰ্ষ। জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ সংঘৰ্ষত নিহত পাঁচ উগ্ৰপন্থী। মৃত উগ্ৰপন্থীকেইটা লস্কৰ-এ-তাইবাৰ(LeT) সদস্য আছিল।

উল্লেখ্য যে, আৰক্ষী, 44RR আৰু 182/183 BN CRPFৰ জোৱানসকলে কাশ্মীৰৰ পুলৱামা জিলাৰ ৰাজপোৰা গাঁৱত শুকুৰবাৰে অভিযান চলাই হত্যা কৰে পাঁচটাকৈ উগ্ৰপন্থীক।

অনুসন্ধান অভিযানত ৰাজপোৰা গাঁৱত আত্মগোপন কৰি থকা উগ্ৰপন্থী কেইটাক নিৰাপত্তাৰক্ষীয়ে আত্মসমৰ্পণ কৰিবলৈ কৈছিল যদিও প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীবৰ্ষণ কৰে উগ্ৰপন্থীৰ দলটোৱে, যাৰবাবে নিৰাপত্তাৰক্ষীয়েও গুলী চলাবলৈ বাধ্য হয়। অৱশেষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় পাঁচটাকৈ উগ্ৰপন্থী। আৰক্ষী-উগ্ৰপন্থীৰ এই সংঘৰ্ষত দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জোৱানকেইজনক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও মৃত্যুক সাৱটি লয় এজন জোৱানে।

মৃত উগ্ৰপন্থীকেইটাৰ পৰা কেইবাটাও মাৰণাস্ত্ৰ, বাৰুদৰ লগতে কিছু নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, শ্ৰীনগৰ-পুলৱামাৰ ৰাষ্ট্ৰীয় ঘাইপথত বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰি আছিল লস্কৰ-এ-তাইবা(LeT)ৰ সদস্যসকলে।
এক সফল অভিযানৰ অন্তত অনাকাংক্ষিত বিপদৰ পৰা সৰ্বসাধাৰণৰ জীৱন ৰক্ষা কৰাৰ বাবে আৰক্ষী-নিৰাপত্তাৰক্ষীক শুভকামনা জনায় কাশ্মীৰৰ IGPয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + twelve =

Back to top button