Socialঅৰ্থনৈতিকঅসমজীৱনশৈলীফটোবলিউড

অসমীয়া সাজ পৰিধান কৰি বলিউডৰ অভিনেত্ৰী চিত্ৰাংগদা সিঙে জ্ঞাপন কৰিলে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা

দেশৰ সামাজিক-অৰ্থনৈতিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত শিপিনীসকলৰ অৱদানক সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে প্ৰতি বৰ্ষৰ ৭ আগষ্ট তাৰিখে পালন কৰা হয় এই দিৱস

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। দেশৰ সামাজিক-অৰ্থনৈতিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত শিপিনীসকলৰ অৱদানক সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে প্ৰতি বৰ্ষৰ ৭ আগষ্ট তাৰিখে পালন কৰা হয় এই দিৱস।

দেশৰ হস্ততাঁতৰ ঐতিহ্যক ৰক্ষা কৰাৰ বাবে আজিৰ দিনটো উদযাপন কৰা হয়। অসমতো পালন কৰা হৈছে এই দিৱস। পৰম্পৰাগত পোছাকেৰে চহকী অসমত শিপিনীয়ে তাঁতশালত সপোন ৰচিব জানে।

পোনপ্ৰথমবাৰৰ বাবে ১৯০৫ চনৰ ৭ আগষ্টত সম্পদশালী দেশৰ সাংস্কৃতিক ঐতিহ্য, তাঁত শিল্পৰ উৎকৃষ্ট সাধন কৰাৰ বাবে এই প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছিল। দেশৰ থলুৱা উদ্যোগ প্ৰতিষ্ঠানৰ লগতে হস্ততাঁত বস্ত্ৰৰ শিপিনীসকলক উৎসাহ জন্মোৱাৰ বাবে এক প্ৰচেষ্টা লোৱা হৈছিল। ২০১৫ চনৰ ৭ আগষ্টত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বলিউডৰ গ্লেমাৰ গাৰ্ল হিচাপে জনপ্ৰিয় অভিনেত্ৰী চিত্ৰাংগদা সিঙেও পৰিধান কৰিলে অসমীয়া মেখেলা-চাদৰ। ৰাজ্যৰ আগশাৰীৰ ফেচন ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ পৰিধান কৰি হস্ততাঁত উদ্যোগৰ উত্থান কামনা কৰাৰ লগতে ডিজাইনাৰ গৰাকীৰ কৰ্মৰাজিক প্ৰশংসা কৰে অভিনেত্ৰী গৰাকীয়ে। শিপিনীসকলৰ কঠোৰ পৰিশ্ৰমৰো প্ৰশংসা কৰে অভিনেত্ৰী চিত্ৰাংগদা সিঙে।

অসমীয়া সাজ পৰিধান কৰি বলিউডৰ অভিনেত্ৰী চিত্ৰাংগদা সিঙে জ্ঞাপন কৰিলে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা
Bollywood Actress Chitrangada Singh wears Assamese Traditional Mekhla Chadar on the occasion of National Handloom day

চিত্ৰাংগদাই কয় যে, বৰ্তমান মহামাৰীয়ে জুৰুলা কৰিছে সমগ্ৰ দেশবাসীক। এইসময়ত দেশৰ শিপিনীসকলে যথেষ্ট কষ্টৰে জীৱিকা উপাৰ্জন কৰিবলগীয়া হৈছে । এই দুৰ্যোগৰ সময়ত শিপিনীসকলক উৎসাহ প্ৰদান কৰিব লাগিব। লগতে উদ্যোগটো পুনৰজ্জীৱিত কৰাৰ বাবে বহুতো চৰকাৰী পদক্ষেপ লোৱা হৈছে। হস্ততাঁত সামগ্ৰীৰ চাহিদা বৃদ্ধি হোৱাৰ লগতে এই উদ্যোগৰ পুনৰুত্থান হোৱাৰ সম্ভাৱনা প্ৰকট বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে।

Bollywood Actress Chitrangada Singh wears Mekhla Chadar
Bollywood Actress Chitrangada Singh wears Mekhla Chadar

লগতে তেওঁ কয় যে,” তাঁতশালত নিৰ্মিত কাপোৰ সদায় মোৰ প্ৰিয় আৰু মই প্ৰায়ে বোৱা কাপোৰ পিন্ধি ভালপাওঁ”।
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনটোত বলিউডৰ অভিনেত্ৰীগৰাকীয়ে অসমীয়া ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা সুন্দৰ মেখেলা-চাদৰ পৰিধান কৰি আনন্দিত হৈ পৰে। এযোৰ কাপোৰতে বহু লোকৰ শিল্পকলা লুকাই থকা কাপোৰ পিন্ধি তেখেতৰ এই অপূৰ্ব সৃষ্টিৰাজিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে চিত্ৰাংগদা সিঙে।

লগতে ডিজাইনাৰ সংযুক্তা দত্তই চিত্ৰাংগদা সিঙৰ সৈতে কাম কৰিবলৈ পাই সুখী অনুভৱ কৰে। লগতে কয় যে, চেলিব্ৰিটীসকলৰ লগত কাম কৰিবলৈ পোৱা কথাই আন-আন শিপিনীসকলকো উৎসাহিত কৰি তুলিব। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া লোকে নিৰ্মাণ কৰা বস্ত্ৰই সমাদৰ লাভ কৰাটো সঁচায়ে অসমীয়াৰ বাবে এক সুখবৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − fifteen =

Back to top button