leatest updateঅসমউৎসৱগুৱাহাটী

আজি ৰাজ্যজুৰি পালন কৰা হয় বীৰাংগনা সতী সাধনী দিৱস।

বীৰাংগনা সতী সাধনীৰ ৩১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন

আজি ৰাজ্যজুৰি পালন কৰা হয় বীৰাংগনা সতী সাধনী দিৱস। গোলাঘাট জিলাৰ সৰুপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সতী সাধনী দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ জনজাতিকৰণ প্ৰসংগ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

এই অনুষ্ঠানতে বীৰাংগনা সতী সাধনীৰ এটি ৩১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া পদাৰ্থ বিজ্ঞানী ডঃ জয়ন্তী চুতীয়াক এই অনুষ্ঠানতে প্ৰদান কৰা হয় সতী সাধনী বঁটা। সতী সাধনী দিৱসৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটায়ো অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় জনগোষ্ঠীটোৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.