দিল্লীভাৰত

শিক্ষকৰ বাবে কেজৰিৱালৰ বিশেষ পদক্ষেপ

কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিত ককবকাই থকা দিল্লীক কৰ’ণা সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সন্মুখৰ পৰা যুঁজ দি  অহা দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে এইবাৰ শিক্ষকৰ বাবে লৈছে এক বিশেষ পদক্ষেপ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা চৰকাৰী মাধ্যমৰ শিক্ষকৰ পৰিয়ালক দিব ১ কোটি টকা৷

শেহতীয়াকৈ দিল্লীৰ এখন চৰকাৰী স্কুলৰ শিক্ষক নিতীনতানোৱাৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হয়৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী কেজৰিয়ালে ক’ভিডত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালৰ বাবে কঢ়িয়াই আনে আশা ব্যঞ্জক খবৰ৷ শুক্ৰবাৰে শেহতীয়াকৈ মৃত্যু হোৱা শিক্ষক নিতীন তানোৱাৰৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ হাতত তুলি দিয়ে এক কোটি টকাৰ চেক৷

দিল্লী চৰকাৰৰ এই পদক্ষেপক এতিয়া সকলোৱ শলাগ লৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.