অসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়খেল

T-20 মেচত বতৰে দিব বিধি পথালি! বিগত ২৪ঘণ্টাত ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ…

২৪ ঘণ্টাৰ ভিতৰত উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ পূৰ্ণ সম্ভাৱনা

T-20 মেচত বতৰে বিধি পথালি দিয়া সম্ভাৱনা

মহানগৰকে ধৰি সমগ্ৰ ৰাজ্যত বৰ্তমান ক্ৰিকেটৰ জ্বৰ৷ ২অক্টোবৰত বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তুমুল যুঁজ৷ কিন্তু T-20 মেচৰ দুদিন পূবে বতৰ বিজ্ঞানে দিলে বৰষুণক লৈ বতৰা৷

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানৰ আগজননী অনুসৰি, বে’ অৱ বেংগল সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰে পৰা ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণৰ লগতে বিজুলী ধেৰেকেনিৰ সম্ভাৱনা আছে।

ঠিক তেনেদৰে অসম–মেঘালয়ৰ লগতে চুবুৰীয়া ৰাজ্যত অহা ৩০ ছেপ্টেম্বৰৰ পৰা অহা ৩ অক্টোবৰলৈ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ যথেষ্ট সম্ভৱনা আছে। কিন্তু গুৱাহাটীৰ ক্ষেত্ৰত কিছু পৰিমাণে তাপমান হ্ৰাস পাব যদিও আকাশ ডাৱৰীয়া হৈ থকাৰ উপৰি বিজুলী ঢেৰেকনি থাকিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + sixteen =

Back to top button