আফগানিস্তানৰাজনৈতিক

আফগানিস্তানত নাৰীৰ অধিকাৰক লৈ কৰা প্ৰতিবাদৰ অন্য ৰূপ! বিশ্ববাসীলৈ বিশেষ প্ৰশ্ন

'বিশ্ববাসীয়ে কিয় নিঃশব্দে আমাক মৰি থকা চাই আছে?'

আফগানিস্তানত নাৰী অধিকাৰক লৈ অব্যাহত আছে প্ৰতিবাদ। প্ৰতিবাদ মাজতেই মঙলবাৰে উত্থাপন হৈছিল এটা বিশেষ প্ৰশ্ন। বিশ্ব সম্প্ৰদায়ৰ লগত জড়িতআছিল এই প্ৰশ্ন।

নাৰী অধিকাৰ কৰ্মীয়ে তালিবানৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ নিষ্ক্ৰিয়তাৰ ওপৰত প্ৰশ্ন তোলে। তেওঁলোকৰ হাতত থকা বেনাৰ-প্লেকাৰ্ডখনত লিখা আছিল– ‘বিশ্ববাসীয়ে কিয় নিঃশব্দে আমাক মৰি থকা চাই আছে?’

AFPৰ এক প্ৰতিবেদন অনুসৰি, তালিবানে আগষ্টত ক্ষমতা দখলৰ পিছত সকলো প্ৰতিবাদ নিষিদ্ধ কৰিছিল। কিন্তু এই নিষেধাজ্ঞাক উপেক্ষা কৰি প্ৰায় ১২গৰাকীমান নাৰী অধিকাৰ কৰ্মীয়ে অকলে নাৰীৰ শিক্ষা আৰু কাম কৰাৰ অধিকাৰৰ দাবীত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।

উল্লেখ্য যে, এই প্ৰতিবাদৰ আনকি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰিছে তালিবানে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.