Socialঅসমঅসম আৰক্ষী

প্ৰধানমন্ত্ৰী সন্দৰ্ভত টুইট কৰি আটক হ’ল কংগ্ৰেছ বিধায়ক!

অপৰাধীক ষড়যন্ত্ৰ, ইচ্ছাকৃত অপমান, সাম্প্ৰদায়িক শত্ৰুতাক উদগনি জনোৱা আৰু শান্তি বিঘ্নিত কৰাকে ধৰি তথ্য প্ৰযুক্তি আইনৰ অধীনতো ৰুজু হৈছে গোচৰ

আটক হ’ল গুজৰাটৰ ভদগাম সমষ্টিৰ কংগ্ৰেছ বিধায়ক জিগনেছ মেৱানী। পালানপুৰ আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে আটক কৰে দলিত বিধায়কগৰাকীক।

নিশা ১১.৩০ বজাত আটক কৰি মেৱানীক আহমেদাবাদলৈ লৈ যায় আৰক্ষীয়ে। আজি অসমলৈ অনা হ’ব জিগনেছ মেৱানীক।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সন্দৰ্ভত বিকৃত মন্তব্যৰে টুইট কৰা বাবে কোকৰাঝাৰৰ বিজেপি নেতা অৰূপ দে’ৰ গোচৰত আটক কৰা হৈছে জিগনেছক। ১৯ এপ্ৰিলত কোকৰাঝাৰত ৰুজু হৈছিল গোচৰ।

অপৰাধীক ষড়যন্ত্ৰ, ইচ্ছাকৃত অপমান, সাম্প্ৰদায়িক শত্ৰুতাক উদগনি জনোৱা আৰু শান্তি বিঘ্নিত কৰাকে ধৰি তথ্য প্ৰযুক্তি আইনৰ অধীনতো ৰুজু হৈছে গোচৰ। জিগনেছ মেৱানীয়ে দুটাকৈ টুইটযোগে কটু মন্তব্য কৰিছিল। তাৰ পাছতে ১৮ এপ্ৰিলত টুইট দুটা প্ৰত্যাহাৰ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.