এটা হৃদয় কঁপি যোৱা দৃশ্য, টুকুৰা-টুকুৰ হৈ যোৱা ঘৰখনলৈ চাই হুকহুকাই কান্দিছে এইগৰাকী মহিলাই…
জাহাংগীৰপুৰীৰ লোকসকলৰ বাবে সকলোবোৰ আৰু অধিক বেয়ালৈ ঢাল খালে, যেতিয়া লোকসকলৰ দোকান-পোহাৰসমূহ বুলড'জাৰেৰে এফালৰ পৰা ভাঙি পেলোৱা হ'ল। সংঘাতৰ সৃষ্টি হোৱা এলেকাটোত অবৈধভাৱে গঢ়ি তোলা ঘৰ, দোকান-পোহাৰসমূহ ভঙাৰ অনুমতি পোৱাৰ পিছতেই বুধবাৰে, বুলড'জাৰেৰে এফালৰ চলোৱা হয় উচ্ছেদ অভিযান।
শনিবাৰৰ বিয়লিবেলালৈকে সকলোবোৰ থিকেই আছিল দিল্লীৰ জাহাংগীৰপুৰী এলেকাত। গতানুগতিকভাৱে দৈনন্দিন অহাৰ দৰেই সেই পথেদিয়েই অহা-যোৱা কৰিছিল সকলোৱে। মুখত এমোকোৰা হাঁহি লৈ নিজৰ দোকানখন খুলিছিল বহুজনে। কিন্তু এটা হিংসাত্মক ঘটনাই সকলো তচনচ কৰি পেলালে।
হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়ত দুটা দলৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষই সকলো শেষ কৰিলে। নিজম হৈ থকা ঠাইকণ অশান্ত হ’ল। আৰক্ষীৰ বেষ্টনীতেই সকলোৱে পাৰ কৰিলে তিনিটা দিন। কিন্তু জাহাংগীৰপুৰীৰ লোকসকলৰ বাবে সকলোবোৰ আৰু অধিক বেয়ালৈ ঢাল খালে, যেতিয়া লোকসকলৰ দোকান-পোহাৰসমূহ বুলড’জাৰেৰে এফালৰ পৰা ভাঙি পেলোৱা হ’ল। সংঘাতৰ সৃষ্টি হোৱা এলেকাটোত অবৈধভাৱে গঢ়ি তোলা ঘৰ, দোকান-পোহাৰসমূহ ভঙাৰ অনুমতি পোৱাৰ পিছতেই বুধবাৰে, বুলড’জাৰেৰে এফালৰ চলোৱা হয় উচ্ছেদ অভিযান।
উল্লেখ্য যে, শনিবাৰৰ হিংসাত্মক ঘটনাৰ পিছতেই দিল্লী বিজেপিৰ মুখ্য আদেশ গুপ্তাই জাহাংগীৰপুৰীত ঘটনা সংঘটিত কৰা লোকৰ অবৈধ ঘৰসমূহ ধ্বংস কৰাৰ আদেশ দিয়াৰ পিছতেই আজি উত্তৰ দিল্লীৰ পৌৰ নিগমে এই উচ্ছেদ অভিযান চলায়।
টুইটাৰত ভাইৰেল হয় এই উচ্ছেদ অভিযানৰ ভিডিঅ’। য’ত এগৰাকী মহিলাই নিজৰ ঘৰখন ভাঙিবলৈ অহা বুলড’জাৰৰ চালকক কাতুৰ মিনতি কৰা দেখিবলৈ পোৱা যায়।
Woman weeps & begs before the authorities as a JCB demolishes part of her house/shop in Delhi's #Jahangirpuri. Citing 'illegal construction', MCD demolished several structures days after communal clases on 16 April. The SC has ordered to maintain status quo @TheQuint @QuintHindi pic.twitter.com/wfWLatwacx
— Eshwar (@hey_eshwar) April 20, 2022
মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ’।