দৈনিক বাতৰিভাৰত

বুধবাৰে ৰাজ্যসভালৈ মনোনীত কৰা হয় ৪ গৰাকীকৈ বিশিষ্ট ব্যক্তিক

মনোনীত হোৱা বিশিষ্ট ব্যক্তিসকল হৈছে কিংবদন্তি খেলুৱৈ পিটি উষা, মিউজিক মেষ্ট্ৰ’ ইলায়াৰাজা, আৰু চলচ্চিত্ৰ নিৰ্মাতা ভি বিজয়েন্দ্ৰ প্ৰসাদ

বুধবাৰে ৰাজ্যসভালৈ মনোনীত কৰা হয় ৪ গৰাকীকৈ বিশিষ্ট ব্যক্তিক।

মনোনীত হোৱা বিশিষ্ট ব্যক্তিসকল হৈছে কিংবদন্তি খেলুৱৈ পিটি উষা, মিউজিক মেষ্ট্ৰ’ ইলায়াৰাজা, আৰু চলচ্চিত্ৰ নিৰ্মাতা ভি বিজয়েন্দ্ৰ প্ৰসাদ। দানবীৰ তথা ধৰ্মস্থল মন্দিৰৰ প্ৰশাসক বীৰেন্দ্ৰ হেগড়েকো সংসদৰ উচ্চ সদনলৈ মনোনীত কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে সকলোকে অভিনন্দন জনায়। ঊষালৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি তেওঁ কয়, ‘পিটি উষা প্ৰতিজন ভাৰতীয়ৰ বাবে এক প্ৰেৰণা। ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁৰ সাফল্য বহুলভাৱে পৰিচিত যদিও সমানেই প্ৰশংসনীয় হৈছে যোৱা কেইবাবছৰ ধৰি উদীয়মান খেলুৱৈসকলক মেণ্টৰ কৰা তেওঁৰ কাৰ্যৰ বাবে’।

ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে পিটি উষাক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.