অসমঅসম আৰক্ষীগুৱাহাটীচিকিৎসাভাৰত

GMCHত চিকিৎসাৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল পেলাই বৰ্খাস্ত কৰ্মচাৰী

চিকিৎসক, চিকিৎসা কৰ্মী জড়িত থকাৰ অভিযোগ

GMCHত চিকিৎসাৰ নামত প্ৰৱঞ্চনাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এই প্ৰৱঞ্চনাত স্বয়ং চিকিৎসক আৰু চিকিৎসাকৰ্মী জড়িত আছে। দীৰ্ঘদিনে চক্ৰটোৱে ৰোগীৰ পৰিয়ালক প্ৰৱঞ্চনা কৰি আহিছে।

জানিব পৰা মতে, চিকিৎসকে প্ৰথমে ৰোগীৰ পৰিয়ালক ‘‘ক্লিপ’’ নামৰ এবিধ সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰে। এই সামগ্ৰীবিধৰ মূল্য ৩৫ হাজাৰ টকা। সামগ্ৰীবিধ এটা বিশেষ প্ৰতিষ্ঠানে যোগান ধৰে। ৰোগীয়ে ক্ৰয় কৰি অনাৰ পিছত চিকিৎসকক সামগ্ৰীবিধ গতাই দিয়ে। পৰবৰ্তী সময়ত এই সামগ্ৰীবিধ চিকিৎসকে পুনৰ প্ৰতিষ্ঠানটোকে বিক্ৰী কৰি দিয়ে।

উল্লেখ্য যে, এই সমগ্ৰ কাণ্ডটোক অধীক্ষক ডাঃ অভিজিত শৰ্মাই সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। ইতিমধ্যে, এনে ঘটনাত জড়িতৰ অভিযোগত ৰুবুল কলিতা নামৰ কৰ্মচাৰীজনক অধীক্ষক ডাঃ অভিজিত শৰ্মাই বৰ্খাস্ত কৰিছে।

চিকিৎসাৰ নামত প্ৰবঞ্চনা কৰা এই চক্ৰটোত চিকিৎসক ডাঃ ধ্ৰুৱ দাস, ডাঃ নয়ন, ডাঃ মানস, চিকিৎসা কৰ্মী জয়ন্ত ডেকা, নীৰেণ ডেকা, হেমন্ত কলিতা আৰু অন্য এজন সহযোগী জড়িত থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.