অসম

ফ্লেট ক্ৰয় কৰিব বিচৰা সকলৰ বাবে সুখবৰ, এতিয়াৰে পৰা সহজতে কিনিব পাৰিব ফ্লেট

এতিয়াৰে পৰা ফ্লেট কিনা-বেচাৰ বাবে নালাগে চৰকাৰী অনুমোদন

ফ্লেট ক্ৰয় কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ। ফ্লেট ক্ৰয় কৰিবৰ বাবে এতিয়াৰ পৰা আৰু বেছিকৈ চিন্তা কৰিব নালাগে।
কিয়নো এতিয়াৰে পৰা ফ্লেট কিনা-বেচাৰ বাবে নালাগে চৰকাৰী অনুমোদন। ক্ৰেতা আৰু বিক্ৰেতাৰ বুজাবুজিৰ ভিত্তিতেই কিনা-বেচা কৰিব পাৰিব ফ্লেট।

আনকি ফ্লেট ক্ৰয়ৰ বাবে প্ৰয়োজন হোৱা চেল পাৰমিছন(Sell Permission)ৰ বাবেও ভৱিষ্যতে কোনো চৰকাৰী কাৰ্যালয়লৈ যাব লগীয়া নহ’ব।

অনলাইনযোগে আবেদন কৰিয়েই গ্ৰাহকে লাভ কৰিব পাৰিব ট্ৰেড লাইচেন্স। বুধবাৰে খানাপাৰাত এক চৰকাৰী অনুষ্ঠানত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, বুধবাৰে সদনত উত্থাপিত হ’ল অন্য এক প্ৰসংগ। এতিয়াৰে পৰা গ্ৰাম্য অঞ্চলত গৃহ নিৰ্মাণৰ বাবে লাগিব চৰকাৰী অনুমতি। চৰকাৰী অনুমতি অবিহনে নিৰ্মাণ কৰিব নোৱাৰিব ঘৰ। গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ বাবদ দিব লাগিব মাচুল। গৃহ নিৰ্মাণৰ বাবে ল’ব লাগিব পঞ্চায়তৰ অনুমতি। সদনত পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ এই ঘোষণাৰ পিছতেই অসম বিধানসভাকে ধৰি ৰাজ্যজুৰি সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিৱসাগৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈও বিধানসভাৰ মজিয়াত কৰিছে তীব্ৰ বিৰোধিতা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.