Socialঅসম

শোকাৱহ! পৰীক্ষা হলতে আকস্মিক মৃত্যুক সাবটিলে ছাত্ৰীয়ে

দশম শ্ৰেণীত অধ্যয়নৰত বিপাঞ্চীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও বিপাঞ্চীক মৃত ঘোষণা কৰে চিকিৎসকে

তিনিচুকীয়াৰ মাকুমত শোকাৱহ ঘটনা। পৰীক্ষা চলি থকাৰ মাজতে ছাত্ৰীৰ মৃত্যু। এই শােকাৱহ ঘটনাৰ স্থান তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়।

মৃত ছাত্ৰীগৰাকীৰ নাম বিপাঞ্চী বাৰ্বী গগৈ। তিনিচুকীয়াৰ মাকুম জ্যােতি নগৰৰ বিপাঞ্চীয়ে পৰীক্ষা দি থকাৰ সময়তে পৰীক্ষা হলতে ঢলি পৰে। দশম শ্ৰেণীত অধ্যয়নৰত বিপাঞ্চীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও বিপাঞ্চীক মৃত ঘোষণা কৰে চিকিৎসকে।

ছাত্ৰীগৰাকীৰ এনে আকস্মিক মৃত্যুৰ কাৰণ এতিয়াও পােহৰলৈ অহা নাই। ছাত্ৰীগৰাকী কােনাে ধৰণৰ ৰােগত আক্ৰান্ত নাছিল বুলি প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । ইতিমধ্যে ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাই তীব্ৰ শােকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে বিদ্যালয়খনৰ লগত বৃহত্তৰ অঞ্চলটােত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.