অসমৰাজনৈতিক

বিজেপিলৈ আহিব থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই!

কংগ্ৰেছৰ বিধায়কগৰাকীয়ে বিজেপিত যোগ দিব বুলি সকলোৰে মাজত চলিছে চৰ্চা

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ বিজেপি গমনৰ কথাই। কংগ্ৰেছৰ বিধায়কগৰাকীয়ে বিজেপিত যোগ দিব বুলি সকলোৰে মাজত চলিছে চৰ্চা। অৱশ্যে এই ক্ষেত্ৰত এতিয়া পৰ্যন্ত মুখ খোলা নাই বিধায়ক সুশান্ত বৰগোঁহায়ে।

সুশান্ত বৰগোঁহাইৰ বিজেপি গমন সন্দৰ্ভত থাওৰাৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। পুনৰ ৰাজনীতিলৈ অহাৰ ক্ষেত্ৰত প্ৰাক্তন বিধায়কগৰাকীক সোধা প্ৰশ্নৰ প্ৰত্যুত্তৰত তেওঁ কয় যে, “মোৰ সমৰ্থনত থকা ৪৬ হাজাৰ ভোটাৰ ৰাইজে যি সিদ্ধান্ত ল’বলৈ কয় মই সেইমতেই আগবাঢ়িম। গৃহস্থই যাতে আলহী হ’ব লগা নহয়, সেই কথা দলৰ নেতৃত্বক গুৰুত্ব দিবলৈ আহ্বান জনাম।”

অৱশ্যে, কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহাই বিজেপিলৈ অহাৰ ক্ষেত্ৰত সামাজিক মাধ্যমত বিয়পা বাতৰি সঁচা নে মিছা সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.