পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগভাৰত
হিমাচলত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ, এমাহত প্ৰাকৃতিক দুৰ্যোগত নিহত ২৯৮
অতিপাত বৰষুণৰ ফলত হিমাচলত ক্ষতিসাধন হৈছে ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰ

প্ৰকৃতিৰ ৰোষত পৰিছে হিমাচল প্ৰদেশ ৷ পাহাৰীয়া ৰাজ্যখনত এইবাৰৰ বাৰিষাৰ আৰম্ভনিৰ পৰা মূষলধাৰ বৰষুণৰ লগতে সংঘটিত হৈছে ইটোৰ পিছত সিটো ডাৱৰ বিস্ফোৰণৰ ঘটনা ৷
ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হোৱা ২৯৮ জনৰ ভিতৰত ১৫২ জনৰ মৃত্যু ঘটিছে ভূমিস্খলন আৰু বানত ৷ বাকী ১৪৬ জন লোকৰ মৃত্যু ঘটিছে পথ দুৰ্ঘটনাত ৷ এই পথ দুৰ্ঘটনাৰো কাৰণ বান আৰু ভূমিস্খলন ৷
বান-ভূমিস্খলনত বিধ্বস্ত হিমাচলৰ চাৰি শতাধিক পথ ৷ অন্যান্য পথৰ লগতে ক্ষতিগ্ৰস্ত হৈছে দুটা ৰাষ্ট্ৰীয় ঘাইপথো ৷
ৰাজ্যখনৰ ৫১ ঠাইত বন্ধ হৈ পৰিছে খোৱাপানীৰ যোগান ৷ অতিপাত বৰষুণৰ ফলত হিমাচলত ক্ষতিসাধন হৈছে ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰ ।


