অসমচাকৰিদৈনিক বাতৰি

বহিৰাগতক প্ৰাধান্য দিয়াৰ অভিযোগত প্ৰতিবাদ

মেৰাপানীত ONGCৰ বিৰুদ্ধে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। স্থানীয় লোকক প্ৰবঞ্চনা কৰি বহিৰাগতক প্ৰাধান্য দিয়াৰ অভিযোগ ONGCৰ বিৰুদ্ধে

মেৰাপানীত ONGCৰ বিৰুদ্ধে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। স্থানীয় লোকক প্ৰবঞ্চনা কৰি বহিৰাগতক প্ৰাধান্য দিয়াৰ অভিযোগ ONGCৰ বিৰুদ্ধে।

মেৰাপানীৰ ২ নং বৰজানস্থিত ONGC চাৰ্ভে কেম্পত আজি স্বেচ্ছাসেৱী সংগঠন স্বৰাজ নিৰ্মাণ গোটে ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, ONGCয়ে চাৰ্ভে কেম্পৰ সমগ্ৰ দায়িত্ব আগৰৱালা মাৰ্কেটিং কোম্পানীক প্ৰদান কৰিছিল। কিন্তু আগৰৱালা মাৰ্কেৰ্টিং কোম্পানীয়ে স্থানীয় লোকক মেনেজমেণ্টৰ দায়িত্ব অৰ্পণ নকৰাত সৰৱ হৈ পৰে স্থানীয় ৰাইজ আৰু স্বৰাজ নিৰ্মাণ গোট। কিন্তু আগৰৱলা মাৰ্কেটিং কোম্পানীয়ে আজি চাৰ্ভে কাম আৰম্ভ কৰাত স্বৰাজ নিৰ্মাণ গোট আৰু স্থানীয় ৰাইজে ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে শনিবাৰে দুয়ো পক্ষৰ মজাত এক আলোচনা মিলিত হ’ব বুলি জানিব পৰা গৈছে। তদুপৰি একাংশই স্বৰাজ নিৰ্মাণ গোটক ভুৱা এন জি অ বুলি প্ৰচাৰ চলোৱা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.