অসমজীৱনশৈলীদৈনিক বাতৰিস্বাস্থ্য

ধোঁৱাচাঙত পৰিণত জল জীৱন মিছন আঁচনি

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ ভোকেলিকান্দা পাইপ পানী যোগান আঁচনিৰ পৰা এটুপিও বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম নহ’ল ৰাইজ।

ধোঁৱাচাঙত পৰিণত হ’ল জল জীৱন মিছন আঁচনি। এটুপি এটুপি পানীৰ বাবে হুলস্থুল কৰিবলগীয়া হৈছে ৰাইজ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ ভোকেলিকান্দা পাইপ পানী যোগান আঁচনিৰ পৰা এটুপিও বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম নহ’ল ৰাইজ।

উল্লেখযোগ্য যে, কলাইগাঁৱৰ সমীপৰ ভোকেলিকান্দাৰ অসম চৰকাৰৰ জল জীৱন মিছন আঁচনিৰ দ্বাৰা প্ৰথম অৱস্থাত ৰাইজে মাত্ৰ পোন্ধৰ দিন মান পানী পাইছিল যদিও কেইদিনমানৰ পাছতে পুনৰ আঁচনিখন বিকল হৈ পৰে।

বৰ্তমান খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটোৰ ৰাইজ। শীঘ্ৰে এই সমস্যাৰ সমাধান বিচাৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.