দিল্লীভাৰত

৫হাজাৰ গাড়ী চুৰি, কেইবাটাও হত্যাকাণ্ড! গ্ৰেপ্তাৰ দেশৰ কুখ্যাত অপৰাধী অনিল চৌহান

দিল্লীৰ খানপুৰ অঞ্চলত থাকি অটোৰিক্সা চলাইছিল অনিলে৷ ১৯৯৫ চনৰ পিছত গাড়ী চুৰি কৰিবলৈ আৰম্ভ কৰিছিল অপৰাধী অনিলে

৫হাজাৰ গাড়ী চুৰি, কেইবাটাও হত্যাকাণ্ড! গ্ৰেপ্তাৰ দেশৰ কুখ্যাত অপৰাধী অনিল চৌহান

দিল্লীৰ খানপুৰ অঞ্চলত থাকি অটোৰিক্সা চলাইছিল অনিলে৷ ১৯৯৫ চনৰ পিছত গাড়ী চুৰি কৰিবলৈ আৰম্ভ কৰিছিল অপৰাধী অনিলে৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫ হাজাৰতকৈও অধিক গাড়ী চুৰি কৰাৰ অভিযোগত আজি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অপৰাধী অনিলক৷ “ভাৰতৰ আটাইতকৈ ডাঙৰ গাড়ী চোৰ” হিচাপে খ্যাত অনিল চৌহান। আৰক্ষীয়ে জনোৱা অনুসৰি, ৫২ বছৰীয়া অনিলৰ জীৱনশৈলী আছিল বিলাসী, দিল্লী, মুম্বাই, আৰু উত্তৰ-পূবত তেওঁৰ বৃহৎ সম্পত্তি আছে।

আৰক্ষীয়ে উল্লেখ কৰিছে যে তেওঁ দেশৰ আটাইতকৈ ডাঙৰ গাড়ী চোৰ, যোৱা ২৭ বছৰত তেওঁ পাঁচ হাজাৰতকৈ অধিক গাড়ী চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় দিল্লী আৰক্ষীৰ বিশেষ কৰ্মচাৰীয়ে দেশবন্ধু গুপ্ত পথ এলেকাৰ পৰা গোপন সূত্ৰৰ ভিত্তিত চোৰটোক আটক কৰে।

আৰক্ষীৰ মতে, বৰ্তমান অনিল চোৰাং অস্ত্ৰ সৰবৰাহতো জড়িত হৈ আছিল। তেওঁ উত্তৰ প্ৰদেশৰ পৰা অস্ত্ৰ লৈ আহি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নিষিদ্ধ সংগঠনসমূহক যোগান ধৰিছিল।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.