অপৰাধঅসম

৪০ হাজাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পৌৰ প্ৰশাসন সঞ্চালকালয় কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা!

অসম আৰক্ষীৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী শাখাই বুধবাৰে পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ কনিষ্ঠ অভিযন্তা দেৱশীষ দাসক উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰে

অসম আৰক্ষীৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী শাখাই বুধবাৰে পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ কনিষ্ঠ অভিযন্তা দেৱশীষ দাসক উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে কয় যে তেওঁক দিচপুৰ অৱস্থিত তেওঁৰ কাৰ্যালয়ত ৪০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত ভিজিলেন্স আৰু দুৰ্নীতিনিবাৰক শাখাই হাতে লোটে ধৰা পেলাই।

জানিব পৰা মতে, তেওঁ ২০২০ চনত ৬০ লাখ টকাৰ এটা পথ নিৰ্মাণৰ কামৰ বিৰুদ্ধে পুঁজি মুকলি কৰাৰ বাবে তেজপুৰৰ কীৰ্তিকমল তামুলীৰ পৰা ধন দাবী কৰিছিল।

২০২১ বৰ্ষৰ মাৰ্চত ৩০ লাখ পাইছিল যদিও আৰু ৩০ লাখ বাকী আছিল। বাকী থকা ধন খিনি মুকলাই দিয়াৰ নামত  অভিযন্তা দেৱশীষ দাসে ৫০ হাজাৰ উৎকোচ বিচাৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.