Assamnorth eastSocialViralঅসম

জোনাইত অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ এক ভয়াৱহ ছবি

শাৰী শাৰী ঘৰ সাজি বছৰ বছৰ ধৰি  বসবাস কৰি থকাৰ ভয়াৱহ দৃশ্যক কেন্দ্ৰ কৰেই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া

জোনাইত অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ এক ভয়াৱহ ছবি ৷ শাৰী শাৰী ঘৰ সাজি বছৰ বছৰ ধৰি  বসবাস কৰি থকাৰ ভয়াৱহ দৃশ্যক কেন্দ্ৰ কৰেই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভিন্ন দল- সংগঠনে।ড্ৰোনৰ সহায়ত সংগ্ৰহ কৰা ছবিত পৰিলক্ষিত হৈছে জোনাইৰ বিভিন্ন স্থানত   অবৈধ বাংলাদেশীৰ বেদখল কৰি থকাৰ দৃশ্য। জানিব পৰামতে জোনাইৰ মুৰ্কংচেলেকৰ ট্ৰাইবেল বেল্ট আৰু ব্লকত আৱেষ্টনীৰ কেইবাটাও স্থানত বছৰ বছৰ ধৰি শাৰী শাৰী ঘৰ সাজি বছৰ বছৰ ধৰি এনেদৰেই শ শ বাংলাদেশীৰ লোকে জোনাইৰ মুৰ্কংচেলেক  ট্ৰাইবেল বেল্ট আৰু ব্লকত আৱেষ্টনীৰ কেইবাটাও স্থানত বসবাস কৰি আছিলে।উল্লেখযোগ্য যে যোৱা কিছু বছৰ আগলৈকে খালী হয় থকা চৰকাৰী ভূমি, নৈ চৰ চাপৰি অঞ্চল সমূহত এতিয়া  পৰিলক্ষিত হয় শাৰী শাৰী ঘৰ৷ যাৰ বাবে এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে জোনাইৰ দল সংগঠন আৰু ৰাইজে যে কৰ পৰা কোনে কেতিয়াসাজিলে এই ঘৰসমূহ? ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ বিভিন্ন অঞ্চলৰ পৰা অবৈধ দখলকাৰী সকলক উচ্ছেদ চলোৱাৰ পিছতে, জোনাইৰ  টিএমপিকে আৰু ট্ৰাইৱেল সংঘই সজোৰে দাবী উত্থাপন কৰিছে জোনাইত উচ্ছেদ অভিযান চলাবলৈ৷।যোৱা ২৫ জুলাইত টিএমপিকেয়ে এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই ১৫ দিনৰ ভিতৰত  অবৈদ দখলদাৰী সকলৰ উচ্ছেদ কৰিবলৈ সময়সীমা বান্ধি দিছিল৷এতিয়া প্ৰশ্ন জোনাইবাসীৰ  এই বেদখলকাৰী ওপৰত অভিযান চলাব কেতিয়া?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.