Socialঅভিনয়অসমজীৱনশৈলী

মিজোৰ আক্ৰমণত ঘৰ এৰি পলাইছে সীমান্তবৰ্তী অসমীয়া!

উত্তেজনা বিৰাজ কৰিছে হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্ত:ৰাজ্য সীমান্তত

এতিয়াও উত্তেজনা বিৰাজ কৰিছে হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্ত:ৰাজ্য সীমান্তত। এসপ্তাহ ধৰি চলা মিজোৰামৰ অবিৰত আক্ৰমণৰ ফলতে এতিয়া ঘৰ এৰি পলাব আৰম্ভ কৰিছে সীমান্তবাসি অসমীয়াই।

যোৱা ১৩ আগষ্টৰ নিশা এটা ভয়াবহ বিষ্ফোৰণত কঁপি উঠিছিল হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্ত:ৰাজ্য সীমান্ত।

মিজো দুৰ্বৃত্তই নিশা সীমান্তবৰ্তী ছাহেবমাৰা ফাকুয়াপুঞ্জি নিম্ন প্ৰাথমিক বিদ্যালয়ত গ্ৰেণেড নিক্ষেপ কৰাৰ ঠিক চাৰি দিন পিছতে ১৭ আগষ্টত ২ বজাত পুনৰ মিজো দুষ্কৃতিয়ে হাইলাকান্দি জিলাৰ ধলছেড়া বিলাইপুৰ এলেকাৰ চুন্নিলাল টিলাত চলায় আগ্ৰাসনৰ চেষ্টা।

সীমান্ত এলেকাত অসমৰ গ্ৰামোন্নয়ন বিভাগে চলোৱা এমজিএনৰেগাৰ কামত বাধা দিয়াৰ উদ্দেশ্য মিজোই চলাই এই আগ্ৰাসন। মিজোক ৰোধিবলৈ সীমান্তত থকা অসম আৰক্ষীয়ে গুলি চলাব লগা হয়।

ইপিনে, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে এই গুলিয়াগুলিৰ কথা স্বীকাৰ কৰি মিজোৰামৰ ফালৰ পৰা প্ৰথমে আক্ৰমন কৰা হৈছিল বুলি উল্লেখ কৰে। ইয়াৰ জবাবত অসম আৰক্ষীয়ে গুলি চলাবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে।

আনফালে, যোৱা এসপ্তাহৰ পৰা অবিৰত চলা মিজোৰামৰ আক্ৰমণ আৰু আগ্ৰাসনৰ কাৰণত ভিতিগ্ৰস্থ হৈ পৰিছে সীমান্তবাসী অসমীয়া। সীমান্তবৰ্তী ধলছেড়া বিলাইপুৰ এলেকাৰ দাড়াসিং টিলাৰ পৰা এতিয়া বাড়িঘৰ এৰি নিৰাপদ আশ্ৰয়ৰ উদ্দেশ্যে পলাবলৈ আৰম্ভ কৰিছে গঞাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 3 =

Back to top button