অসমআঞ্চলিকদৈনিক বাতৰি

সম্পূৰ্ণ বৈজ্ঞানিক মাধ্যমেৰে নিষ্কাষণ হ’ব জাবৰ! ডাম্পিং গ্ৰোউণ্ডৰ ফলত ক্ষতি নহয় পামহি ৰাইজৰ

"বাৰাগাঁৱত হ’বলগীয়া ডাম্পিং গ্ৰোউণ্ডৰ ফলত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বাৰাগাঁৱৰ স্থানীয় লোক। কোনো অসুবিধা নোহোৱাকৈ সম্পূৰ্ণ বৈজ্ঞানিক মাধ্যমেৰে নিষ্কাষণ কৰা হ’ব জাবৰ।"- দেৱাশীছ শৰ্মা

বৰাগাঁও ডাম্পিং গ্ৰোউণ্ডৰ বিৰুদ্ধে পামহি ৰাইজে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদৰ পিছতে সোমবাৰে পৌৰনিগমৰ আয়ুক্ত দেৱাশীছ শৰ্মা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

দেৱাশীছ শৰ্মাই কয় যে, বাৰাগাঁৱত হ’বলগীয়া ডাম্পিং গ্ৰোউণ্ডৰ ফলত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বাৰাগাঁৱৰ স্থানীয় লোক। কোনো অসুবিধা নোহোৱাকৈ সম্পূৰ্ণ বৈজ্ঞানিক মাধ্যমেৰে নিষ্কাষণ কৰা হ’ব জাবৰ। কোনো কাৰণত দ্বীপৰ বিলৰ লগতে  স্থানীয় লোকৰ ক্ষতি সাধন নহয়।

দেৱাশীছ শৰ্মা ই কয়, “গুৱাহাটীখন আমি কেতিয়াও লেতেৰা কৰিব নিবিচাৰোঁ। আমাক অলপ সময় দিয়ক। সমাজৰ প্ৰতি আমাৰো দায়বদ্ধতা আছে।“

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.