Covid-19Socialঅসমধাৰ্মিক

আজি পৱিত্ৰ ঈদ-উল-আজহা

সান্ধ্য আইন আৰু লক ডাউনৰ মাজত পালন কৰা হৈছে ঈদ-উল-আজহা

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-আজহা৷ ঈদ-উল-আজহা বা ঈদ-উজ-জোহাই মানৱ প্ৰেম, ত্যাগ, আৰু ভাতৃত্ববোধক দৰ্শাই।

আজিৰ দিনটোতে নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাৰ প্ৰতি উৎসৰ্গা কৰিছিল। তাৰে স্মৰণ কৰি আজিৰ পৱিত্ৰ দিনটোত সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মীয় লোকসকলে উৎসাহ-উদ্দীপনাৰে পৰম্পৰাগত ঈদ-উল-আজহা পালন কৰে।

বিগত বৰ্ষৰ দৰে এইবাৰো ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে কিছু সেৰেঙা হ’ল ঈদ-উল-আজহা। সম্পুৰ্ণ ক’ভিড প্ৰ’টকল মানি দেশবাসীৰ লগতে অসমতো পালন কৰা হৈছে ঈদ-উল-আজহা৷

অসমত সান্ধ্য আইন আৰু লক ডাউনৰ মাজত চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যবাসীয়ে ঘৰতে পঢ়িলে পৱিত্ৰ ঈদৰ নামাজ৷ মছজিদত সমূহীয়া নামাজত বহিল মাত্ৰ পাঁচজন লোক৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 18 =

Back to top button