আন্তঃৰাষ্ট্ৰীয়

‘ইয়াত গুলীৰ বৰষুণ হৈছে, মোক দুবাৰকৈ গুলীয়াইছে’: ইউক্ৰেইনত গুলীবিদ্ধ ভাৰতীয় ছাত্ৰ…

পিছে ছাত্ৰজনক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব

সন্ত্ৰাসে জুৰুলা কৰা ইউক্ৰেইনত দুজন ভাৰতীয়ৰ মৃত্যুৰ পাছত এইবাৰ গুৰুতৰভাৱে আহত হ’ল আন এজন ছাত্ৰ। ইউক্ৰেইনৰ ৰাজধানী চহৰ কীভত গুলীবিদ্ধ হ’ল ভাৰতৰ ছাত্ৰজন। ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ সময়ত কীভ এৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে দুবাৰকৈ গুলীবিদ্ধ হয় ভাৰতীয় ছাত্ৰ হাৰজোত সিং। বাহু, বুকুত গুলী লগাৰ লগতে হৰজোতৰ এখন ভৰিত ফাট মেলে।

 

উল্লেখ্য যে, এখন টেক্সিত উঠি বন্ধুৰ সৈতে কীভ এৰি যোৱাৰ চেষ্টা কৰাৰ সময়তে গুলীবিদ্ধ হয় হৰজোত। পৰৱৰ্তী সময়ত হৰজোতে কয় যে, পলাবলৈ চেষ্টা চলাওঁতে চৌদিশৰ পৰা গুলীবৰ্ষণ হোৱাৰ ফলতেই আহত হয় তেওঁ। আনকি কোন দিশৰ পৰা ৰাছিয়ান সৈন্যই গুলীবৰ্ষণ কৰিছিল সেই বিষয়ে ততেই ধৰিব নোৱাৰিলে হৰজোতে। বৰ্তমান কীভৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে হৰজোত সিং। পিছে ছাত্ৰজনক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 13 =

Check Also
Close
Back to top button