দিল্লী

সুৰা বিতৰ্কৰ তীব্ৰ ৰূপ! কেমেৰাৰ সন্মুখতে সঞ্জয় সিঙে ফালিলে দিল্লী গৱৰ্ণৰৰ মানহানিৰ জাননী

সুৰা নীতিক লৈ বিজেপি আৰু দিল্লীৰ আপ চৰকাৰৰ মাজৰ সংঘাতে ধাৰণ কৰিছে তীব্ৰ ৰূপ

সুৰা বিতৰ্কৰ তীব্ৰ ৰূপ! কেমেৰাৰ সন্মুখতে সঞ্জয় সিঙে ফালিলে দিল্লী গৱৰ্ণৰৰ মানহানিৰ জাননী

আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে অন কেমেৰা ফালিলে লেফেটেনেণ্ট গৱৰ্ণৰ বিনই কুমাৰ চাক্সেনাৰ মানহানিৰ জাননী। জাননীখন ফলাৰ পিছত সঞ্জয় সিঙে কয়, ‘‘মই ভি কে চাক্সেনাক ক’ব বিচাৰো যে ভাৰতৰ সংবিধানে মোক সঁচা কথা কোৱাৰ অধিকাৰ দিয়ে। দেশৰ উচ্চ সংসদৰ সদস্য হিচাপে, মোৰ সঁচা কথা কোৱাৰ অধিকাৰ আছে। মই ৰ’বলৈ নাযাওঁ আৰু চোৰ আৰু দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে প্ৰেৰণ কৰা জাননীলৈ ভয় নকৰোঁ। মই এনে ধৰণৰ জাননী ১০ বাৰ ফালিব পাৰিম’’।

সুৰা নীতিক লৈ বিজেপি আৰু দিল্লীৰ আপ চৰকাৰৰ মাজৰ সংঘাতে ধাৰণ কৰিছে তীব্ৰ ৰূপ। এই নীতিক লৈ সৃষ্টি হৈ থকাৰ মাজতে অভিযোগ প্ৰতি অভিযোগৰে সংবাদ মেল পাতি দল দুটাৰ মুখপাত্ৰসকলে সংঘৰ্ষ অব্যাহত ৰাখিছে।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই বিজেপিৰ প্ৰতিটো সমালোচনাৰ প্ৰত্যুত্তৰ দি কৈছে যে, বিজেপিয়ে দীৰ্ঘদিন ধৰি চিঞৰি আহিছে যে সুৰাৰ কেলেংকাৰী হৈছে। কেতিয়াবা তেওঁলোকে এই কেলংকাৰী ১৩০০ কোটি টকাৰ, কেতিয়াবা ৮ হাজাৰ কোটি টকাৰ, কেতিয়াবা ৫০০ কোটি টকাৰ, কেতিয়াবা আকৌ ১৪৪ কোটি টকাৰ আৰু আন কেতিয়াবা ৩০ কোটি টকাৰ কেলংকাৰীৰ কথা কয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.