অসমদৈনিক বাতৰিসংস্কৃতি

৫০০০ গামোচা বিক্ৰীৰ বাবে সাজু ‘হাড়গিলা আৰ্মি’ৰ সদস্যসকল

৫০০০ গামোচা বিক্ৰীৰ বাবে সাজু 'হাড়গিলা আৰ্মি'ৰ সদস্যসকল

নঙলামুখত হেঁপাহৰ ৰঙালী। বিহুৰ বাবে এতিয়া গাত তৎ নাই জীয়ৰী–বোৱাৰীৰ। তেনে সময়তে কামৰূপৰ দদৰা – পছৰীয়া অঞ্চলত  ‘হাড়গিলা আৰ্মি’ৰ সদস্যসকলে বজাৰত বিক্ৰীৰ বাবে তাতঁশালত বৈ ওলিয়াইছে গামোচা, মেখেলা-চাদৰ। এইবাৰ ৰঙালী বিহুত প্ৰায় ৫০০০ গামোচা বিক্ৰীৰ বাবে সাজু কৰিছে হাড়গিলা আৰ্মিৰ সদস্যসকলে।

গ্ৰীণ অস্কাৰ বটা বিজয়ী ড° পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত এই অৰ্থনৈতিক বিপ্লৱ অঞ্চলটোৰ মহিলাসকলৰ। বিলুপ্তপ্ৰায় হাড়গিলাক প্ৰতীকপট হিচাপে লৈ অসমীয়াৰ স্বাভিমান গামোচা আৰু মেখেলা চাদৰ প্ৰস্তুত কৰিছে মহিলাসকলে। ইতিমধ্যে অনলাইনৰ জৰিয়তে হাড়গিলা আৰ্মীয়ে গ্ৰাহকক ক্ৰয় কৰা সুবিধা কৰি দিছে হেঁপাহৰ গামোছাখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.