Socialঅসম

প্ৰসংগঃ গাওঁবুঢ়া নিযুক্তিৰ কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত তদানীন্তন উপায়ুক্ত আতিকা চুলতানা

মানকাচৰ/দক্ষিণ শালমাৰাত গাঁওবুঢ়া নিযুক্তিৰ ব্যাপক কেলেংকাৰীত সাঙোৰ খাইছিল আতিকা চুলতানা আৰু চাইবুৰ ৰহমানৰ নাম। দুয়োৰে বিৰুদ্ধে 5/21 নম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৰুজু হৈছিল এক গোচৰ।

প্ৰসংগঃ গাওঁবুঢ়া নিযুক্তিৰ কেলেংকাৰী। ধনৰ লেনদেনৰ বিনিময়ত গাওঁবুঢ়াক নিযুক্তি প্ৰদান কৰাৰ অভিযোগ উঠিছে তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ নিৰ্দেশমৰ্মে শনিবাৰে পুৱা CMVত হাজিৰ হ’ল তদানীন্তন উপায়ুক্ত আতিকা চুলতানা।

মানকাচৰ/দক্ষিণ শালমাৰাত গাওঁবুঢ়া নিযুক্তিৰ ব্যাপক কেলেংকাৰীত সাঙোৰ খাইছিল আতিকা চুলতানা আৰু চাইবুৰ ৰহমানৰ নাম। দুয়োৰে বিৰুদ্ধে 5/21 নম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৰুজু হৈছিল এক গোচৰ।

মাটি-সম্পত্তিৰ গোচৰত চাইবুৰ ৰহমান গ্ৰেপ্তাৰ হোৱাৰ পিছতে চাকৰিৰ পৰা বঞ্চিত গাওঁবুঢ়াই CMVত চাইবুৰ ৰহমান আৰু আতিকা চুলতানাৰ বিৰুদ্ধে তৰিছিল এক গোচৰ। সেই গোচৰৰ ভিত্তিতেই আজি আতিকা চুলতানাক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল CMVয়ে। অতি শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে তদানীন্তন উপায়ুক্ত আতিকা চুলতানা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.