অপৰাধঅসমঅসম আৰক্ষী

কোকৰাঝাৰত এনকাউণ্টাৰ, চিনেমাৰ কায়দাৰে আৰক্ষীৰ পিষ্টল কাঢ়িবলৈ লওঁতেই গো-মাফিয়ালৈ গুলীচালনা আৰক্ষীৰ

আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীৰ গুলীত আহত হয় গো-মাফিয়া খাইৰুল ইছলাম। আহত খাইৰুল ইছলামৰ ঘৰ জাউলিয়াপাৰাত । 

কোকৰাঝাৰত পুৱতি নিশাই অঘটন। কোকৰাঝাৰত গো-মাফিয়াৰ বিৰুদ্ধে সষ্টম কোকৰাঝাৰ আৰক্ষী প্ৰশাসন। শনিবাৰে, পুৱতি নিশা আৰক্ষীৰ গুলীত আহত গো-মাফিয়া।

আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীৰ গুলীত আহত হয় গো-মাফিয়া খাইৰুল ইছলাম। আহত খাইৰুল ইছলামৰ ঘৰ জাউলিয়াপাৰাত ।

গৰু-ম’হৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত আছিল ধৃত খাইৰুল। চোৰাংকৈ বাংলাদেশলৈ প্ৰেৰণ কৰিছিল গৰু-ম’হ ।
প্ৰথমে খাইৰুলক আৰক্ষীয়ে আটক কৰি সহযোগী মাফিয়াৰ ঘৰ দেখুৱাবলৈ কাক্ৰিখোলালৈ লৈ যায়। কিন্তু চিনেমাৰ কায়দাৰে খাইৰুলে আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি কলিতাৰ পিষ্টল লৈ পলায়নৰ চেষ্টা কৰে। সেয়হে বাধ্যত পৰি খাইৰুলক গুলীয়াবলৈ উদ্যত হয় আৰক্ষী।

যাৰফলত সোঁভৰিৰ আঁঠুৰ তলত গুলী লাগে খাইৰুলৰ। আৰক্ষীয়ে খাইৰুলক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰে গো-মাফিয়া খাইৰুলক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.