AssamCity newsInternationalnationalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

ভাৰত আৰু ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক যে সুদৃঢ় সেয়া পুনৰ প্ৰতিপন্ন হ’ল….

ভাৰত আৰু ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক যে সুদৃঢ় সেয়া পুনৰ প্ৰতিপন্ন হ’ল। ইউক্ৰেইন প্ৰসংগত ৰাছিয়া, বিশেষকৈ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আন্তঃৰাষ্ট্ৰীয় মঞ্চত কাৰ্যতঃ অকলশৰীয়া হৈ পৰিছে। তেনে এক সময়তে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ বাবে ভাৰতৰ সৈতে বন্ধুত্ব যে যথেষ্ট গুৰুত্বপূৰ্ণ সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল। সম্প্ৰতি ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ ৰুছ ভ্ৰমণত আছে। ক্ৰেমলিনত বুধবাৰে ৰাষ্ট্ৰপতি পুটিনেৰে দ্বিপাক্ষিক আলোচনাত মিলিত হয় বিদেশ মন্ত্ৰী জয়শংকৰ। এই আলোচনাতে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত ৰাছিয়াৰ প্ৰসংগত ভাৰতৰ স্থিতিত গভীৰ সন্তুষ্টি প্ৰকট কৰি ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো উচ্চ প্ৰশংসাৰে ওপচাই পেলায়। ২০২৪ চনৰ নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি পুটিনে। প্ৰধানমন্ত্ৰী মোদীক বন্ধু আখ্যা দি বিদেশ মন্ত্ৰী জয়শংকৰৰ জৰিয়তে ৰুছ ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নেওতা দিয়ে ৰাষ্ট্ৰপতি পুটিনে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.