অসমঅসম আৰক্ষী

SI জোনমণি ৰাভাক মাৰাথন জেৰা, জোনমণিৰ বেংক একাউণ্টত ওলাইছে লাখ-লাখ টকা

জোনমণি ৰাভাৰ বিৰুদ্ধে অভিযোগকাৰী অজিত বৰাই গড়মূৰৰ কানাড়া বেংকত জমা দিছিল ৩০ হাজাৰ টকা।

জোনমণি ৰাভা আৰু ৰানা পগাগৰ গোচৰৰ তদন্তৰ অগ্রগতি। তদন্ত ক্ষীপ্ৰতৰ কৰিছে মাজুলী আৰক্ষীয়ে। তদন্তৰ আওতালৈ আহিছে ‘কানাড়া বেংক’ৰ শাখা প্রৱন্ধক। SI জোনমণি ৰাভাৰ বেংক একাউণ্ট সন্দৰ্ভত সোধপোছ কৰা হৈছিল শাখা প্ৰৱন্ধকক।

 

 

উল্লেখ্য যে, জোনমণি ৰাভাৰ বিৰুদ্ধে অভিযোগকাৰী অজিত বৰাই গড়মূৰৰ কানাড়া বেংকত জমা দিছিল ৩০ হাজাৰ টকা। বৰ্তমান জোনমণিৰ একাউণ্টত পোৱা গৈছে লাখ লাখ টকা। জোনমণিৰ কানাড়া বেংকত পোৱা গৈছে ১১,৩৩,১৭৪ টকা আৰু এক্সিছ বেংকৰ একাউন্টত পোৱা গৈছে ৯,১৪,২৬৯ টকা। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব অধিক তথ্য।

 

শুকুৰবাৰে, দিনজোৰা জেৰাৰ অন্তত নিশা মাজুলীৰ গড়মূৰ পিতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰা হয় জোনমণি ৰাভাৰ। শনিবাৰে, পুনৰ মাৰাথন জেৰা অব্যাহত ৰাখিব মাজুলী আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.