leatest updateSocialঅসমদৈনিক বাতৰিপৰিৱেশবতৰভাৰতৰাজস্থান

সঘনাই বতৰ পৰিবৰ্তন! ৰাজস্থানত ভয়ানক ৰূপত দেখা গ’ল বালিৰ তীব্ৰ ধুমুহা…

দিনৰ ভাগতে নিশাৰ দৰে পৰিৱেশ।

দিনক দিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। উৎকট গৰমে দহিছে ৰাজ্য়বাসীক। তাৰ মাজতে দেশৰ ভিন্ন ঠাইত বতৰে লৈছে ন-ন ৰূপ। মঙলবাৰে ৰাজস্থানৰ বাৰ্মাৰত দেখা পোৱা গ’ল বালিৰ ধুমুহা। ৰাজস্থানৰ বাৰ্মাৰত হোৱা মৰুভূমিৰ ধুমুহাই সমগ্ৰ অঞ্চলটো ধূলিময় কৰি তুলিছিল। ধুলিৰ ধুমুহাই ক্ষন্তেকৰ বাবেই গোটেই চহৰখন আগুৰি ধৰিছিল।

ধুলিৰ এই তীব্ৰ বতাহৰ বাবে স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছিল। দিনৰ ভাগতে নিশাৰ দৰে পৰিৱেশ হৈ পৰিছিল। ইয়াৰ বাবে চালকসকলেও সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। চালকসকলে দিনৰ ভাগতে গাড়ীৰ লাইট অন কৰিব লগা হৈছিল।

উল্লেখ্য যে, বতৰ বিজ্ঞানৰ মতে, পশ্চিম ৰাজস্থানত এক ঘূৰ্ণীবতাহ প্ৰণালী সক্ৰিয় হৈ আছে, যাৰ ফলত ধুমুহাটো পৰৱৰ্তী তিনি দিনলৈ অব্যাহত থাকিব। একে সময়তে, কিছুমান অঞ্চলত বৰষুণো হোৱাৰ আশংকা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.