অপৰাধঅসমআঞ্চলিক

উজনিমুৱা কামৰূপ এক্সেপ্ৰেছত ড্ৰাগছ, তিনিচুকীয়া আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী..

এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে ড্ৰাগছৰ কৰিডৰ হৈ পৰা তিনিচুকীয়াত বিশেষ নিৰাপত্তা দিবৰ বাবে আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। শনিবাৰে পুৱতি নিশা নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে আটক কৰে ড্ৰাগছসহ এগৰাকী মহিলাক৷

আটক কৰা মহিলা গৰাকীৰ নাম চিতাৱলী ইংলিং চক্ৰৱৰ্তী ৷ ডিমাপুৰৰ পৰা প্ৰায় ১৬ লাখ টকাৰ ড্ৰাগছ লৈ উজনিমুৱা কামৰূপ এক্সেপ্ৰেছত গৈছিল মহিলাগৰাকী। তিনিচুকীয়া হৈ চুবুৰীয়া ৰাজ্য অৰুণাচললৈ নিয়াৰ কথা আছিল ড্ৰাগছখিনি ৷ বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি জব্দ কৰে ১৬ লাখ টকাৰ ড্ৰাগছ।

এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে ড্ৰাগছৰ কৰিডৰ হৈ পৰা তিনিচুকীয়াত বিশেষ নিৰাপত্তা দিবৰ বাবে আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 11 =

Check Also
Close
Back to top button